newsnextone.com | ডিফুঃ কাৰ্বি আংলং কংগ্ৰেছৰ নেতা-কৰ্মী পুনৰ একত্ৰিত হ’ব কংগ্ৰেছক শক্তিশালী কৰিবলৈ৷ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি তথা সাংসদ বিৰেণ চিং ইংতিৰ আহ্বান মৰ্মে অহা ১৭ জুলাইত ডিফুস্থিত জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ সন্মিলন কক্ষত দিনৰ ১১ বজাত এখন বিশেষ সভা আহ্বন কৰা গৈছে৷ উৰ্ত সভাত কাৰ্বি আংলং কংগ্ৰেছৰ ভৱিষ্যত কাৰ্যপন্থা নিৰ্ধাৰণ কৰিব বুলি জানিব পৰা গৈছে৷

জৰুৰী বৰ্ধিত সভাত কেতবোৰ সাংগঠনিক বিষয়ৰ আলোচনাৰ লগতে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ সভাত এআইচিচি, এপিচিচি, সদস্য, কাৰ্যালয়ৰ বিষয়-ববীয়া, কাৰ্যকৰী সদস্য, অগ্ৰণী নেতা-কৰ্মী, জিলা কংগ্ৰেছৰ বিভাগীয় অধ্যক্ষ বিচিচি, এমচিচি-টিচিচিৰ সদস্যসকলক উপস্থিত থাকিবলৈ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিদ্যাচিং ৰংপিয়ে এক বিবৃতি যোগে জানিবলৈ দিয়ে৷