ফাইল ফটো
ফাইল ফটো

দুলীয়াজানঃ সোমবাৰে দুলীয়াজান সমষ্টিৰ টিপলিং পঞ্চায়তত কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক স্মৰণ কৰে৷ ইন্দিৰা গান্ধীৰ জন্ম শত বাৰ্ষিকী উপলক্ষে পদযাত্ৰা কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি যাচে৷

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সদস্য ধ্ৰুৱজ্যোতি গগৈৰ নেতৃত্বত কেইবা শতাধিক লোকে এই পদযাত্ৰাত অংশ লয়৷ কংগ্ৰেছ কৰ্মীয়ে ৬ কিঃ মিঃ পদযাত্ৰা কৰে৷ কংগ্ৰেছৰ নেতা ধ্ৰুৱজ্যোতি গগৈয়ে জাতি, মাটি ভেটিৰ কথা কোৱা চৰকাৰ খন গঠন হোৱাৰ পিছত অসমৰ ৰাইজে জীয়াতু ভূগিব লগা হৈছে বুলি কয়৷

বিজেপি চৰকাৰে জিএছটি আৰু ৩ টকীয়া চাউলকে ধৰি কেচুৱাই খোৱা বিস্কুটলৈকে কৰ লগোৱা বুলি কৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ কংগ্ৰেছৰ নেতা ধ্ৰুৱজ্যোতি গগৈয়ে সাংসদ ৰামেশ্বৰ তেলি আৰু দুলীয়াজানৰ বিধায়ক তেৰছ গুৱালাক উন্নয়নত গুৰুত দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে৷ পদযাত্ৰাত কংগ্ৰেছ নেতা ৰূপান্তৰ দত্তৰ লগতে জ্যেষ্ঠ কংগ্ৰেছ নেতা নীল দত্ত আৰু ইস্মিতা শইকীয়া গগৈৰ উপস্থিত থাকে৷ বৰুৱা তিনিআলিৰ পৰা ১৬নং তিনিআলি লৈ প্ৰায় ৬ কিঃ মিঃ পথযাত্ৰা কৰে কংগ্ৰেছে।