
শিমলুগুৰিঃ ৰাজ্যৰ জাতীয়তাবাদী-জনগোষ্ঠীয় সংগঠনৰ সমানে সমানে প্ৰতিবাদত নামিছে বিৰোধি দল কংগ্ৰেছে৷ পোন্ধৰে বছৰে শাসনত থকাৰ কালত সীমা সমস্যাক গুৰুত্ব নিদিলেও যোৱা কেইবাটাও দিন ধৰি কংগ্ৰেছে যেন বাহৰ হে পাতিছে অসম-নাগালেণ্ড সীমান্তত৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, সাংসদ গৌৰৱ গগৈ সৈতে বাহৰ পাতি ভাৰত চৰকাৰ আৰু NSCNৰ মাজত স্বাক্ষৰ কৰা চুক্তি ৰাজহুৱা কৰাৰ লগতে সীমান্তৰ লোকক নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত প্ৰতিবাদ কৰি আহিছে৷ কংগ্ৰেছ দলে অসমত সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰিস্থিতিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷
কিয়নো কেন্দ্ৰীয় চৰকাৰে অন্ধকাৰত ৰাখি সম্পাদনা কৰিছে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷ এই বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰিছে বুলিও ধাৰণা কৰিব পাৰি৷ এই চুক্তিখন সম্পাদন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সবিশেষ অৱগত নকৰোৱাৰ লগতে জড়িত নকৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি ইতিমধ্য চৰ্চিত হৈছে৷
ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া যদি হয় তেন্তে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং৷ যাৰ ফলত পুনৰ ৰাজপথলৈ ওলাই আহি দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ দল-সংগঠনে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকীয়নি প্ৰদান কৰে চৰকাৰক৷ জাতীয়তাবাদী তথা জনগোষ্ঠীয় সংগঠনে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে একাংশ ৰাজনৈতিক দলে এতিয়া এই বিষয়ক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে৷
বিশেষকৈ বিজেপি আৰু কংগ্ৰেছ দলে বাক যুদ্ধৰে সমস্ত পৰিবেশ ধুঁৱলী-কুঁৱলী কৰাৰ অভিযোগ উত্থাপন কৰে একাংশ লোকে৷ তাৰ মাজতে শিৱসাগৰৰ নাজিৰা মহকুমাৰ বিহুবৰৰ ঔগুৰিজানত নগা চুক্তি ৰাজহুৱা কৰাৰ দাবীত কংগ্ৰেছে ৰাজহুৱা সভা অনুষ্ঠিত কৰে৷ বিগত তিনিদিন ধৰি মেৰাপানীৰ পৰা আৰম্ভ কৰা কংগ্ৰেছৰ নাগালিমৰ বিৰুদ্ধে কৰা প্ৰতিবাদ কাৰ্যসূচী মঙলবাৰে নাজিৰা মহকুমাৰ বিহুবৰত অনুষ্ঠিত হয়। কংগ্ৰেছ দলে বিহুবৰ ঔগুৰিজানত এক বিশাল প্ৰতিবাদী জনসভা অনুষ্ঠিত কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে৷ সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুন বৰা, কংগ্ৰেছ বিধায়িনি দলৰ নেতা দেবব্ৰত শইকীয়াই অংশগ্ৰহন কৰে।