গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জৰ বেলগুৰিত সোমবাৰে কংগ্ৰেছৰ সংকল্প সমাৰোহ অনুষ্ঠিত হয়। কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সমাৰোহত প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুন বৰা সহ বহু নেতা কৰ্মী উপস্থিত থাকে। সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুন বৰা সন্মুখত আবু তাহৰ বেপাৰী, ধুবুৰীৰ এ আই ইউ এফৰ প্ৰাক্তন বিধায়ক জাহান উদ্দিন সহ বহু নেতা কৰ্মী কংগ্ৰেছত যোগদান কৰে।

সভাত ৰিপুণ বৰাই বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰি নৰেন্দ্ৰ মোডীয়ে অসমৰ পৰিবৰ্তন কথা কৈছিল বুলি কৈ কিন্তু মোডীৰ পৰিৱৰ্তন অসমৰ ৰাইজে দেখিবলৈ পোৱা নাই বুলি কয়৷ বিজেপি দল এটা সাম্প্ৰদায়িক দল, এই দল ৰাইজৰ দল নহয়।

বিজেপি দলে ধৰ্মৰ নামত ৰাজনীতি কৰে বুলি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুন বৰাই ভাষণ প্ৰসংগতউল্লেখ কৰে। বিজেপি দলে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে বৰাই। ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা ভাৰতীয় নাগৰিকক যাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ নপৰে তাৰ বাবে কংগ্ৰেছে চকু ৰাখিব আৰু প্ৰকৃত ভাৰতীয় নাম বাদ পৰিলে তাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে যুজঁ দি যাব। ‘ডি’ ভোটাৰৰ নামত সাংবাদিকে প্ৰশ্ন কৰাত সভাপতি ‘ডি’ ভোটাৰৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি  কৰাটো সহ্য নকৰো বুলি কয়৷