জোনাইঃ আজিও অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদ৷ গুজৰাটৰ বানপীড়িতৰ খবৰ লবলৈ যোৱা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ গাড়ীত আক্ৰমণ কৰাত দেশজুৰি ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ নেতা-কৰ্মী৷

অসমতো কংগ্ৰেছ নেতা-কৰ্মীয়ে দেওবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে৷ আজি জোনাই সমষ্টি যুৱ-কংগ্ৰেছ সমিতিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বি জে পিৰ সভাপতি অমৃত শ্বাহৰ প্ৰতিকৃতি দাহ কৰে।

কংগ্ৰেছ নেতা-কৰ্মীয়ে জোনাই চহৰত সমবেত হৈ বিজেপি বিৰোধি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি দুয়োগৰাকী বিজেপি নেতাৰ প্ৰতিকৃতি দাহ কৰে৷ ইতিমধ্যে আক্ৰমণৰ ঘটনাৰ লগত জৰিত দুগৰাকী বিজেপি নেতাক গুজৰাট আৰক্ষীয়ে আটক কৰিছে৷