ৰঙিয়াঃ গুজৰাটৰ বানপীড়িত অঞ্চল ভ্ৰমণলৈ যোৱা কংগ্ৰেছ দলৰ উপ-সভাপতি ৰাহুল গান্ধীৰ গাড়ীত আক্ৰমণ কৰাত ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ দলৰ নেতা-কৰ্মী৷ উক্ত ঘটনাৰ বিৰুদ্ধে সমগ্ৰ দেশত প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে।

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ আহবান মৰ্মে কামৰূপ জিলা কংগ্ৰেছ সমিতিয়ে ৰঙিয়া নগৰ ব্লক কংগ্ৰেছৰ সহযোগত ৰঙিয়াত প্ৰতিবাদ সাব্যস্ত কৰে। ৰঙিয়া কংগ্ৰেছ ভৱনত নগৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰবীন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন প্ৰতিবাদী সভা৷

প্ৰতিবাদী সভাৰ পাছতে ৰঙিয়া মহাত্মা গান্ধী পথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীত ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা, ৰঙিয়া গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি তাৰিফুল ইছলাম, ৰঙিয়া টাউন মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুমী বেগম, গ্ৰাম্য মহিলা কংগ্ৰেছৰ সভানেত্ৰী প্ৰণিতা দেৱী, কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি মুৰতাজুৰ ৰহমান (বুলবুল) উজ্জ্বল লহকৰৰ লগতে আন কেইবাজনো কংগ্ৰেছ নেতা উপস্থিত থাকে।