newsnextone.com | ডিজিটেল ডেস্কঃ ইতিহাস আছে বিশ্বৰ বিভিন্ন দেশত ৰজাদিনীয়া গুপ্তধন ধন উদ্ধাৰ হোৱাৰ৷ সোণ, ৰূপ উদ্ধাৰ হোৱাৰ৷ তেনে ইতিহাস ভাৰততো ৰচনা হ’ল৷ কিন্তু ভাৰতত গুপ্তধন ৰূপে ধন উদ্ধাৰ হোৱা নাই৷ ভাৰতত উদ্ধাৰ হৈছে মোগলৰ কালৰ অভূতপূৰ্ব পেইণ্টিং৷ ৰাজধানী দিল্লীৰ হুমায়ুনৰ সমাধিক্ষত্ৰৰ সমীপৰ মোগল স্তম্ভৰ গম্বুজৰ ছাদত এই পেইণ্টিং উদ্ধাৰ হৈছে৷ 

সপ্তদশ শতিকাৰ মোগল ইতিহাসৰ চিনস্বৰূপ ছাদত বিভিন্ন প্ৰকাৰৰ ৰঙৰ সমাহাৰৰ পেইণ্টিং উদ্ধাৰ হৈছে৷ ট্ৰাষ্ট ফৰ কালচাৰেল এণ্ড আৰ্কিলজিকেল চাৰ্বে অৱ ইণ্ডিয়াই সংৰক্ষক আৰু বিশেষজ্ঞৰ মতে দিল্লীৰ সপ্তদশ শতিকাৰ পেইণ্টিঙ আছিল এয়া৷

মোগল সাম্ৰাজ্যৰ আৰম্ভণিৰ সময়ত এইবোৰ নিৰ্মাণ কৰাৰ লগতে পেইণ্টিং কৰা বুলি সন্দেহ কৰা হৈছে৷ তিমুৰৰ স্থাপত্যক প্ৰত্যক্ষ কৰিয়েই নিৰ্মাণ কৰা এই স্তম্ভ সমূহত সুন্দৰ শিল, টাইলছেৰে আৰু প্লাষ্টাৰ কৰি আৱৰি থোৱা আছিল৷ সকলোবোৰ হস্ত নিৰ্মিত আছিল৷ পেইণ্টিং সমূহ ঢাকি থোৱা আছিল প্লাষ্টাৰেৰে৷ নৱেম্বৰ মাহৰ পৰা সংৰক্ষণৰ কাম আৰম্ভ হৈছে৷ পূৰ্বে কোনেও ভাবিব পৰা নাছিল ছাদৰ প্লাষ্টাৰৰ ভিতৰত এনেধৰণৰ পেইণ্টিং থাকিব পাৰে বুলি৷ জানিব পৰা মতে, ছাদ সমূহ কেইবা তৰপীয়া৷ অভূতপূৰ্ব অমূল্য ইতিহাসক সংৰক্ষণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে৷