জালাহঃ জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত ভেৱলা (কেওঁটচুপা) গাঁৱৰ বিশিষ্ট সমাজকৰ্মী, ব্যৱসায়ী তথা গাঁও পঞ্চায়তৰ প্ৰাক্তন সদস্য ভুবনেশ্বৰ দাসৰ সোমবাৰে আবেলি ২.৪০ বজাত মৃত্যু হয়। ১৯৬৯ চনত শিমলা এম ভি স্কুলত অঙশকালীন শিক্ষকতা কৰা দাসে ১৯৭২ চনৰপৰা জালাহঘাটত ব্যৱসায়ী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। 

পাছত ১৯৮৯ চনত জালাহ গাঁও পঞ্চায়তৰ সদস্য পদত নিৰ্বাচিত হৈছিল। তেখেতে জালাহঘাট স্থায়ী ব্যৱসায়ী সন্থাৰ সভাপতি, জালাহ আঞ্চলিক শ্ৰীশ্ৰীলক্ষ্মী পূজা উদযাপন সমিতিৰ সভাপতি, চাপাগুৰী সমবায় সমিতিৰ অন্তৰ্গত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা দাসে মৃত্যুৰ সময়ত পত্নী, জালাহ প্ৰেছ গীল্ডৰ সভাপতি মনজিৎ কুমাৰ দাস, সাংবাদিক দিগন্ত দাস সহিতে তিনিজন পুত্ৰ আৰু দুগৰাকী কন্যাক এৰি থৈ যায়। তেওঁৰ মৃত্যুত ভুবনেশ্বৰ-গোলাপী শৈক্ষিক আৰু সামাজিক ন্যাসৰ সভাপতি আৰু সম্পাদক ক্ৰমে পাৰ্থপ্ৰতিম দাস আৰু অৰ্ণৱজান দাসে গভীৰ শোক প্ৰকাশ কৰে। দাসৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ।