ডিব্ৰুগড়ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে ৰাষ্ট্ৰৰ নামত উচ্ছৰ্গা কৰিলে দেশৰ ভিতৰতে সৰ্বাধিক দৈঘ্যৰ দুখলপীয়া বগীবিল দলং৷ কিন্তু মোডীয়ে এই দলঙখনৰ নামাকৰণ নকৰিলে৷ 

৪.৯৪ কিলোমিটাৰ দৈঘ্যৰ এই দলঙখনৰ নামাকৰণক লৈ বিৰ্তকৰ সূচনা হৈছিল আৰু প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াৰ নাম আজি ঘোষণা কৰিব বুলি সকলোৱে আশাৰে বাট চাই আছিল৷ 

কেইদিনমানৰ পূৰ্বে অসম চৰকাৰে বগীবিল দলঙৰ নাম ‘সতী সাধনী’ৰ নামেৰে নামাকৰণ কৰিবৰ বাবে ৰে’ল মন্ত্ৰালয়লৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল৷ 

সেয়ে বহুতে ইয়াৰ নাম সতী সাধনী দলং হ’বগৈ বুলি আশা কৰি আছিল যদিও প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াৰ নাম ঘোষণা নকৰাত চৰকাৰৰ ভিতৰ চ'ৰাত যে নামাকৰণক লৈ অসহমত উপনীত হ’ব নোৱাৰিলে সেই কথাকে প্ৰতিফলিত হ’ল৷

উল্লেখ্য যে, বগীবিল দলঙৰ নাম একাংশই আহোম সাম্ৰাজ্যৰ প্ৰথমজনা স্বৰ্গদেউ চাওলুং চুক্যাফাৰ নামেৰে নামাকৰণ কৰিবলৈ দাবী উত্থাপন কৰিছিল৷ আনহাতে, উজনি অসমৰ অতিকৈ পুৰণি চুতীয়া সম্প্ৰদায়ৰ দলঙখনৰ নাম ‘সতী-সাধনী’ ৰাখিবলৈ দাবী জনোৱাৰ বিপৰীতে একাংশই আকৌ ইয়াৰ নাম প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ নামত হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে৷ 

প্ৰধানমন্ত্ৰী মোডীয়ে আজি দলংখন উদঘাটন কৰি অসমৰ প্ৰায় সকলো বীৰ-বীৰাংগনা, সতী-মহাপুৰষৰ নাম স্মৰণ কৰি অসমৰ জনজীৱনলৈ যে সকলোৰে অৱদান আছে তাৰে ইংগিত দিলে৷ 

উদ্ধোধনী সভাত অসম আৰু অৰুণাচল প্ৰদেশত মুখ্যমন্ত্ৰীদ্বয় ক্ৰমে সৰ্বানন্দ সোণোৱাল আৰু পেমা খাণ্ডুৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীদ্বয়  পীয়ুষ গোৱেল আৰু ৰাজেন গোহাঁই উপস্থিত থাকে।