
খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ গৃহসমষ্টিৰ মেনমেজিত অৱস্থিত মেনমেজি বহুমুখী সমবায় সমিটিখনক সুচাৰুৰূপে পৰিচানা কৰাৰ উদ্দেশ্য শনিবাৰে আনুষ্ঠানিকভাৱে সমিটি গঠনৰ নিৰ্বাচন অনুস্থিত হৈ যায়৷
১৩ জনীয়া পদেৰে গঠন কৰিবলগীয়া পৰিচালনা সমিটি গঠনৰ বাবে অনুস্থিত নিৰ্বাচনত মুঠ ২১ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদণ্ডিতা আগবঢ়ায়৷ অনুসুচীত জাতি আৰু জনজাতিৰ ভিত্তিত দুগৰাকীয়ে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে সাধাৰণ শ্ৰেণীৰ লোকৰ মাজৰ পৰা ১৯ গৰাকী প্ৰাৰ্থীয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ায়৷
উল্লেখ্য যে, নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা মুঠ ২১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৩ গৰাকীয়েই হৈছে বিজেপি সমৰ্থিত প্ৰাৰ্থী৷ নিৰ্ধাৰিত তাৰিখ, সময় আৰু নিয়মানুযায়ী অনুস্থিত কৰা এই নিৰ্বাচনত ১৩ জনকৈ বিজেপি সমৰ্থিত প্ৰাৰ্থীয়েই জয় লাভ কৰে আৰু এই সমিতি গঠনৰ ক্ষেত্ৰত কেৱল ১৩ গৰাকী বিজয়ী প্ৰাৰ্থীৰেই প্ৰয়োজন৷
পূৰ্বৰ সমিটিখনত থকা ১০১ গৰাকী সদস্য আৰু অংশীদাৰসকলৰ ভিতৰত মুঠ ৯৭ গৰাকী ভোটাৰে সমিটি গঠনৰ নিৰ্বাচনত ভোটদান কৰে৷ নিৰ্বিচনত বিজেপি সমৰ্থিত প্ৰাৰ্থী ক্ৰমে বিদ্যাছিং ক্ৰামছা, দীলিপ ইংহি আৰু ৱেলচন তিমুঙে ৭২ টাকৈ ভোট লাভ কৰি জয় লাভ কৰাৰ বিপৰীতে জয়ন্ত তিমুং আৰু মেন টেৰনে ৬৯ টা, বিদ্যাছিং টেৰনে ৬৮ টা, বাবুছিং ডেৰা, জলেন্দ্ৰ টেৰন আৰু ৰত্নেশ্বৰ বৰদলৈয়ে ৬৬ টা, হাকিম ইংহিয়ে ৬৪ টা, কমল টেৰন আৰু প্ৰকাশ কাথাৰে ৬৩ টাৰ আৰু অনুসূচীত জাতি আৰু জনজাতিৰ ভিত্তিত জয়ছিং বৰদলৈয়ে ৬৫ টা ভোট লাভ কৰি বিজয়ী সাব্যস্ত কৰে৷
ইয়াৰ পাছতেই বিজয়ী প্ৰাৰ্থীসকলক বিজেপি নেতা তথা পৰিষদীয় পশু বিভাগৰ প্ৰাক্তন অধ্যক্ষ দিত্যলাল হাস্নু, বিজেপি নেতা ছেৰলংকি বে, বিষ্ণু প্ৰধান আদিকে কৰি বিজেপি মহিলা কৰ্মীসকলে সম্বৰ্ধনা জনায়৷ পৰৱৰ্তী সময়ত এইটো নিৰ্বাচনত বিজয়ী লাভ কৰা প্ৰাৰ্থীসকলৰ ভিতৰতে আৰু এইসকলৰ মাজৰ পৰাই পৰিচালনা সমিতিৰ অধ্যক্ষ আৰু আন আন পদসমুহৰ বাবে পদবী নিৰ্বাচন কৰা হব বুলি জানিবলৈ দিয়ে সমবায়খনৰ কৰ্তৃপক্ষই৷
ভাষণৰ জৰিয়তে বিজেপি নেতা তথা পৰিষদীয় পশু বিভাগৰ প্ৰাক্তন অধ্যক্ষ দিত্যলাল হাস্নুয়ে উক্ত সমবায়খনক চাউল, দালি আৰু কেৰাচিন বিতৰণৰ ক্ষেত্ৰতে সীমাবদ্ধ নাথাকি আন আন বৃত্তিমুলক আৰু উপাৰ্জনমুখী কামো কৰি যাবৰ বাবে পৰামৰ্শ প্ৰদান কৰে৷