20
Sep
2017

ৰঙিয়াঃ ৰঙিয়াত জি আৰ পিৰ জালত পৰিল দুই গভাইত চোৰ। আজি ৰঙিয়া জি আৰ পি বাহিনীৰ এটা দলে অভিযান চলাই দুজন চোৰক আটক কৰিবলৈ সক্ষম হয়৷
ধৃত চোৰ দুজন তামুলপুৰৰ বাৰেগাঁৱৰ অজিত বেজবৰুৱা আৰু মোতোঙা চ’কৰ নকুল বড়ো বুলি জানিব পৰা গৈছে৷ ধৃত চেৰ দুজনৰ পৰা জি আৰ পি বাহিনীয়ে ৬ টা মোবাইল আৰু ৪ টা লেপটপ উদ্ধাৰ কৰে৷ এই সামগ্ৰীসমূহ দুয়োজনে ৰেল যাত্ৰীৰ পৰা লুটি আনিছিল৷
উল্লেখ্য যে অজিত বেজবৰুৱ নামৰ চোৰটো ১০ নং এপিবিএনৰ অপসাৰিত এজন জোৱান। আন হাতে নকুল বড়ো নামৰ যুৱক জনে ধৃত বেজবৰুৱাৰ পৰা চুৰি সমাগ্ৰী সমূহ ক্ৰয় কৰিছিল।