
গুৱাহাটীঃ দেশ স্বাধীন হোৱাৰ কেইটামান বছৰৰ পিছতে স্থাপন হোৱা শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত নিতাইপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ক অৰ্ডিনেৰী কলেজ বুলি কৈ বিপদত পৰিল গেৰুৱা বুদ্ধিজীৱী নাম পোৱা জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী৷ বিশিষ্ট বুদ্ধিজীৱী, চিন্তাবিদ ড০ হীৰেন গোহাঁইক কটাক্ষ তথা সমালোচনা কৰিবলৈ গৈ পানীদিহিং আৰু নিতাইপুখুৰী কলেজৰ নিচিনা অৰ্ডিনেৰী কলেজৰ অখ্যাত প্ৰফেচৰেও হীৰেণ গোঁহাইৰ দৰে লিখিব পাৰে বুলি কৈ ৰাজ্যৰ জকাইচুকৰ শিক্ষানুষ্ঠানৰ লগতে মানৱ সম্পদ গঢ়াৰ খনিকৰ শিক্ষকসকলক অপমান কৰিছিল ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷
১৯৬৫ চনত স্থাপিত শিৱসাগৰ জিলাৰ ডিমৌৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান নিতাইপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয় পৰিয়াল তথা অঞ্চলটোৰ ৰাইজ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ এই অপমান জনক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল৷ বুদ্ধিজীৱী, সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে কাৰ এই মন্তব্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ অসন্তুষ্টি আৰম্ভ হৈছে শিৱসাগৰ জিলাৰ ডিমৌত৷ পানীদিহিং আৰু নিতাইপুখুৰী কলেজৰ নিচিনা অৰ্ডিনেৰী কলেজৰ অখ্যাত প্ৰফেচৰেও হীৰেণ গোঁহাইৰ দৰে লিখিব পাৰে বুলি কোৱা মন্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহে ৰাইজ৷
ডিমৌৰ নিতাই পুখুৰীত ক্ষোভিত লোকে ঘনে ঘনে জ্বলাইছে জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ প্ৰতিকৃতি৷ ড০ হীৰেন গোহাঁইক কটাক্ষ কৰিবলৈ গৈ ১৯৬৫ চনত স্থাপন হোৱা ডিমৌৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান নিতাইপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ক অপমান কৰা কাৰ্যৰ বিৰুদ্ধে মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী কোঠা এৰি মহাবিদ্যালয়ৰ সন্মুখত সমবেত হয় সোমবাৰে৷ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি প্ৰতিকৃতি দাহ কৰে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ। মহাবিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও জাঙুৰ খাই উঠিছে চক্ৰৱৰ্তীৰ বিৰুদ্ধে৷
স্থানীয় আছু, এনএছ ইউ আইৰ নিতাইপুখুৰী আঞ্চলিক সমিতিয়েও সুকীয়া সুকীয়াকৈ নিতাইপুখুৰী চাৰিআলিত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ পানীদিহিং আৰু নিতাইপুখুৰী কলেজৰ নিচিনা অৰ্ডিনেৰী কলেজৰ অখ্যাত প্ৰফেচৰেও হীৰেণ গোঁহাইৰ দৰে লিখিব পাৰে বুলি মন্তব্য কৰিছিল চক্ৰৱৰ্তীয়ে৷ বিতৰ্কিত বুদ্ধিজীৱি জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীয়ে গুৱাহাটীত সংবাদ মাধ্যমৰ সন্মুখত কৰা এই মন্তব্য প্ৰকাশ পোৱাৰ পিছতে জাঙুৰ খাই উঠিছে শিৱসাগৰৰ নিতাইপুখুৰীৰ হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ লগতে সচেতন নাগৰিক।
এই অপমানজনক মন্তব্যত ক্ষোভিত নিতাইপুখুৰীবাসীয়ে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে ৰাজহুৱাভাৱে ক্ষমা নিবিচাৰিলে তীব্ৰ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে৷ সততে বিতৰ্কৰ সৃষ্টি কৰি ভালপোৱা গেৰুৱা বুদ্ধিজীৱী নাম পোৱা ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে প্ৰাক্তন কৃষক মুক্তিৰ নেতা কমল কুমাৰ মেধিকো ফোনযোগে জাতক ধৰি গালি দিয়াৰ লগতে ভাবুকি প্ৰদান কৰে৷ এগৰাকী জ্যেষ্ঠ নাগৰিকে পুত্ৰ সম যুৱকক এনে দৰে ব্যৱহাৰ কৰা কাৰ্যক সচেতন মহলে সহজে লব পৰা নাই৷ দেওবাৰে নিশা কমল কুমাৰ মেধিক ফোনযোগে জাত কি বুলিও প্ৰশ্ন কৰে চক্ৰৱৰ্তীয়ে৷
৯৪৩৫১১২৯৬৮ নম্বৰৰ পৰা একপ্ৰকাৰ ভাবুকি প্ৰদান কৰি কমল কুমাৰ মেধিক চক্ৰৱৰ্তীয়ে কয় "মই আলফাকে কেয়াৰ নকৰো৷ তুমি কোন৷ এয়া নিচ জাতিৰ কাম৷ মোৰ বিৰুদ্ধে গোচৰ তৰি সাহস দেখুৱাইছ "৷ কমল কুমাৰ মেধিক অভব্য-অশ্ৰাব্য গালি-গালাজ কৰা বুলি ও অভিযোগ উত্থাপন হয়৷ ৰাজ্যৰ কেইবাগাৰকী বুদ্ধিজীৱীয়ে দিল্লীৰ Constitution Clubৰ বিতৰ্কিত এনআৰচি সন্দৰ্ভত অনুষ্ঠিত এখন সভাত অংশ গ্ৰহণ কৰি আৰক্ষীৰ সোধ-পোছৰ সন্মুখীন হোৱাৰ সময়তে শুকুৰবাৰে বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি বহু বিতৰ্কিত তথা সততে চৰকাৰৰ সপক্ষে থকা বুদ্ধিজীৱী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে ৫০গৰাকী নগা চিপাহীক গুলীয়াই হত্যা কৰিব লাগে বুলি বিতৰ্কিত মন্তব্য কৰে৷
বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে কমল কুমাৰ মেধিয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল৷ যোৱা শুকুৰবাৰে আৰআৰএছৰ নেতাৰ এখন গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি কেইবাটাও বিতৰ্কিত মন্তব্য আগবঢ়াইছিল বুদ্ধিজীৱী তথা জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷ মহানগৰীৰ দিছপুৰত গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঞ্চত বহি থকাৰ সময়তে বুদ্ধিজীৱীগৰাকীয়ে এটাৰ পিছত এটা বিতৰ্কিত মন্তব্য আগবঢ়াই গৈছিল৷
বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইৰ ডিগ্ৰীক উপলুঙা কৰি দীঘলীপুখুৰী পাৰৰ ভেকুলি আৰু মেটেকাৰ ওপৰত গৱেষণা কৰা বুলি কৈ চাৰ্কুলেছন নথকা অসমৰ কাকতত তেওঁৰ লিখা প্ৰকাশ পায় বুলি অসমৰ বাতৰিৰ কাকতৰ লগতে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোঁহাইক ইতিকিং কৰে৷ কেৱল ইমানে নহয় সততে ৰাজ্য-কেন্দ্ৰ চৰকাৰৰ সপক্ষে মাত মাতি অহা বুদ্ধিজীৱীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখতে অসম-নাগালেণ্ড সীমান্ত সমস্যাৰ কথা উল্লেখ কৰি এজন ভাল বিষয়াই এদিনতে তেনে সমস্যা নোহোৱা কৰিব পাৰে বুলি কয়৷
তাৰ ববে বন্দুক উঠাই ৫০গৰাকী নগা চিপাহীক গুলীয়াই হত্যা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ মাৰি পেলোৱাৰ পিছত আয়োগ বহে, তদন্ত যি হয় হৈ থাকক বুলি কয়৷ চৰকাৰৰ পক্ষৰ বুদ্ধিজীৱীৰ এনে অযুক্তিকৰ মন্তব্যৰ পিছতে ৰাজ্যৰ ছচিয়েল মিডিয়াত সক্ৰিয় একাংশ লোকে জাঙুৰ খাই উঠে৷ তাৰ পিছতে পুনৰ সৰৱ হৈ সংবাদ মাধ্যমত পুনৰ বিতৰ্কিত মনাতব্য প্ৰকাশ কৰি পানীদিহিং আৰু নিতাইপুখুৰী কলেজৰ নিচিনা অৰ্ডিনেৰী কলেজৰ অখ্যাত প্ৰফেচৰেও হীৰেণ গোঁহাইৰ দৰে লিখিব পাৰে বুলি কৈছিল৷
তাৰ মাজতে জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে কমল কুমাৰ মেধিয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷ মোবাইল ফোন যোগে ভাবুকি প্ৰদান কৰাত পুনৰ গোচৰ তৰিব বুলি কয় মেধিয়ে। প্ৰৰোচনামূলক আৰু অভিসন্ধিমূলক মন্তব্যই সীমান্তত বসবাস কৰা ৰাইজৰ মাজত অশান্তিৰ সৃষ্টি কৰাৰ লগতে নিৰপত্তা বিঘ্নিত হোৱাৰ আশংকা ব্যক্ত কৰা হয়৷ দীপ দাস আৰু সমৰজ্যোতি আনহাতে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে শনিবাৰে মহানগৰীৰ জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল দীপ দাস আৰু সমৰজ্যোতি বেজবৰুৱাই৷