
মোৰাঝাৰঃ সীমান্তৰ পহৰা দিয়া আৰক্ষীৰ চকীত ওলমিছে তলা৷ যোৱা দুদিন ধৰি তলা ওলমি আছে চকীসমূহত৷ অসম চৰকাৰৰ গৃহ বিভাগে অসম আৰক্ষীৰ সীমান্ত শাখাৰ ২৯ জনকৈ লোকক একেদিনাই বদলি কৰাত উদ্ভৱ হৈছে এনে পৰিস্থিতিৰ৷ অসম আৰক্ষীৰ এনে নজিৰবিহীন ঘটনাক লৈ হোজাই জিলাৰ লগতে সমগ্ৰ ৰাজ্যতে সৰৱ চৰ্চা অব্যাহত আছে।
হোজাই জিলাত দুজন অবৈধ হিন্দু বাংলাদেশীক গ্ৰেপ্তাৰ কৰাৰ পাছতে অসম আৰক্ষীৰ ২৯ জনকৈ লোকক তাৎক্ষণিকভাৱে বদলি কৰা বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে হোজাই জিলাত৷ পৰিদৰ্শক, হাবিলদাৰসহ ২৯ জন অসম আৰক্ষীৰ লোকক বদলি কৰাত হোজাই জিলাৰ দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
জানিব পৰা মতে, হোজাই জিলাৰ আৰক্ষীৰ সীমান্ত শাখাৰ দুগৰাকী পৰিদৰ্শক, ছয় গৰাকী উপ-পৰিদৰ্শক, সাতজন হাবিলদাৰ আৰু ১৪ জন কনিষ্টবলক নিশাৰ ভিতৰতে বদলি কৰি এসপ্তাহৰ ভিতৰত আন ঠাইত কৰ্মত যোগদান কৰাৰ নিৰ্দেশ দিছে ৰাজ্যৰ গৃহ বিভাগে। এই খবৰ পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত৷ আৰ আৰ এছৰ আৰু বিশ্ব হিন্দু পৰিষদক সন্তুষ্ট কৰিবলৈ ৰাজ্য চৰকাৰে আৰক্ষীৰ লোকসকলক বদলি কৰা বুলি দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
হোজাই জিলাৰ ডবকা-যমুনামুখ আৰু মোৰাঝাৰ অঞ্চলৰ পৰা কেইগৰাকীমান সন্দেহযুক্ত হিন্দু বাংলাদেশীক আদালতৰ নিৰ্দেশৰ পাছতে গ্ৰেপ্তাৰ কৰিছিল সীমান্ত শাখাই। যাৰ ফলত অসন্তষ্ট হৈ পৰিছিল বিশ্ব হিন্দু পৰিষদ৷ এটি সূত্ৰই দাবী কৰা মতে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীকো অভিযোগ দিছিল আৰ আৰ এছ আৰু বিশ্ব হিন্দু পৰিষদে।
জিলাখনৰ একাংশ অধিবক্তাই মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টাক লিখিত অভিযোগ দাখিল কৰা বুলিও জানিব পৰা গৈছে। ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰাৰ শাস্তি হিচাপে এনেদৰে আৰক্ষী বিষয়া-কনিষ্টবলক অন্য স্থানলৈ বদলি কৰাটোক সহজভাৱে মানি ল'ব পৰা নাই দল-সংগঠনে।
হোজাই আমছুৱে পৰিৱৰ্তনকামী চৰকাৰে আৰ আৰ এছক সন্তুষ্ট কৰিবলৈ সীমান্ত ছীল কৰাৰ পৰিৱৰ্তে সীমান্ত আৰক্ষীক শাস্তি প্ৰদান কৰা বুলি ক্ষোভ ব্যক্ত কৰে৷ বন্ধ হৈ পৰা সীমান্ত শাখাৰ কাৰ্যালয়সমূহ শীঘ্ৰে সক্ৰিয় কৰিবলৈকো দাবী জনায় সংগঠনটোৱে৷ অন্যথাই তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব বুলি ৰাজ্য চৰকাৰক।সকীয়াই দিয়ে।