
গোৰেশ্বৰঃ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ গোৰেশ্বৰ সমিতিৰ অধিবেশন ১৩ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়। পাৰ্টিৰ কামৰূপ জিলা সমিতিৰ অন্যতম সদস্য কমৰেড প্ৰবীণ দাসে পতাকা উত্তোলন কৰে৷
কমৰেড বীৰেণ ডেকা আৰু কমৰেড কামেশ্বৰ কলিতাই পৰিচালনা কৰা ১৮টা শাখা সমিতিৰ প্ৰায় ৪২ জন কমৰেড প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সন্মিলন উদ্ধোধন আৰু সামৰণি ভাষণ ৰাখে যথাক্ৰমে জিলা সদস্য কমৰেড প্ৰবীণ দাস আৰু ৰবীন বড়োৱে। আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক অলি নাথে উত্থাপন কৰে খচৰা প্ৰতিবেদনৰ ওপৰত প্ৰায় ১৫ গৰাকী উপস্থিত প্ৰতিনিধিয়ে আলোচনা আগবঢ়ায়। আলোচনাৰ উত্তৰ দানৰ পিছত সৰ্বসন্মতিক্ৰমে প্ৰতিবেদন গৃহীত হয়।
সন্মিলনে আগন্তুক দিনত স্থানীয় সমস্যা, মূল্য বৃদ্ধি, কৃষি সমস্যা, শিক্ষা সমস্যা আদিৰ ওপৰত আন্দোলন গঢ়ি তুলিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। অঞ্চলটোত পাৰ্টিৰ কাম কাজ আগন্তুক দিনত আগুৱাই লৈ যোৱাৰ বাবে এই সন্মিলনতেই ১৫ জনীয়া নতুন আঞ্চলিক সমিতিটি গঠন কৰা হয়। কমৰেড অলি নাথ আঞ্চলিক সম্পাদক হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হয়।