
ধনশিৰিঃ ভুৱা গোচৰত এজন যুৱকক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভোলা বৰাৰ বিৰুদ্ধে। এই অভিযোগ উত্থাপিত হৈছে অসম বড়ো-কছাৰী যুৱ ছাত্ৰ পৰিষদে।
উত্থাপিত অভিযোগ অনুযায়ী বড়ো-কছাৰী যুৱ ছাত্ৰ পৰিষদৰ সদস্য তথা গোলাঘাট কমাৰ্চ কলেজৰ ছাত্ৰ ভাগ্যজ্যোতি কছাৰীক এক মাৰপিটৰ ঘটনাত কোনো প্ৰাথমিক তদন্ত নকৰাকৈ তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। আনকি অভিভাৱকে থানাত ঘটনা সৰ্ম্পকে খবৰ ল'বলৈ যাওতে অভব্য আচৰণ কৰি গালি-গালাজ কৰে বুলি অভিযোগ কৰে।
এই সৰ্ম্পকে বড়ো -কছাৰী যুৱ ছাত্ৰ পৰিষদে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক অৱগত কৰি ন্যায় বিচাৰি ৭২ ঘণ্টা সময় সীমা বান্ধি দিছিল। কিন্তু ইয়াৰ কোনো সু-ব্যৱস্থা নকৰাৰ বাবে ১৭আগষ্টত ১২ ঘণ্টীয়া ধনশিৰি বন্ধৰ আহ্বান জনায়।
আনহাতে, টাই আহোম যুৱ পৰিষদ,অসম ধনশিৰি জিলা সমিতিয়ে বড়ো-কছাৰী যুৱ ছাত্ৰ পৰিষদে এইদৰে বন্ধৰ আহ্বান জনোৱাত আশ্বৰ্য প্ৰকাশ কৰিছে। এক বিবৃতিযোগে টাই আহোম যুৱ পৰিষদৰ ধনশিৰি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি শান্তনু গগৈ আৰু সম্পাদক উৎপল সন্দিকৈয়ে এই বন্ধক অপ্ৰয়োজনীয় আখ্যা দি এনে সিদ্ধান্তৰ বিৰোধিতা কৰে।