কামপুৰঃ নগাঁও জিলাৰ কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত মধ্য টুবুকী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক গৰাকীয়ে মধ্যাহ্ন ভোজনত ব্যাপক খেলিমেলি কৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে বুধবাৰে বিদ্যালয়খনত স্থানীয় ৰাইজ আৰু অভিভাৱক সকল উপস্থিত হৈ বন্ধ কৰি দিয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে ৰন্ধা মধ্যাহ্ন ভোজন।

ৰাইজৰ অভিযোগ অনুসৰি বিদ্যালয় খনৰ প্ৰধান শিক্ষক বিপিন হাজৰিকাই ছাত্ৰ-ছাত্ৰী সকলক মধ্যাহ্ন ভোজনৰ নামত কেৱল পনীয়া ডালি খুৱাই আহিছে। আনকি বুধবাৰে চৰকাৰী নিয়ম অনুসৰি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক এটাকৈ কণী খুৱাব লাগে যদিও প্ৰধান শিক্ষক গৰাকীয়ে কেইটামান কণী দাইলত মিহলাই ছাত্ৰ ছাত্ৰীক খুৱাবলৈ লোৱাত ক্ষোভিত হৈ পৰে অভিভাৱক সকল।

পাছত ৰাইজৰ সহযোগত অভিভাৱক সকলে বন্ধ কৰি দিয়ে ছাত্ৰ ছাত্ৰীৰ বাবে ৰন্ধা মধ্যাহ্ন ভোজন।

ইফালে সমগ্র ঘটনা অস্বীকাৰ কৰি প্ৰধান শিক্ষক গৰাকীয়ে চৰকাৰী নিয়ম অনুসৰিয়ে ছাত্ৰ-ছাত্ৰী সকলৰ মধ্যাহ্ন ভোজন খুৱাই আহিছে বুলি মন্তব্য কৰিছে।