প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

বাঘবৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ১ নং নাচানকুৰী এম এন আল-আমিন প্ৰিছিনিয়ৰ মাদ্ৰাছাৰ পৰিচালনা সমিতি গঠনৰ ক্ষেত্ৰত বিভাগীয় নিয়ম উলংঘা কৰাৰ অভিযোগ তুলি উক্ত সমিতিখন বাতিল কৰাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক নুৰুল হ'ক আদি কৰি সচেতন ৰাইজে।

অভিযোগ অনুসৰি, উক্ত মাদ্ৰাছাৰ নতুন পৰিচালনা সমিতি গঠন কৰাৰ উদ্দেশ্যে যোৱা ২৮ আগষ্টত এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু নিজৰ ল'ৰা বা ছোৱালী ছাত্ৰ হিচাপে নথকা অভিভাৱক তথা উক্ত জিলাখনৰ লেংটিছিঙা ৰাজীৱ গান্ধী মেম'ৰিয়েল কলেজৰ আৰবী বিভাগৰ অধ্যাপক ছফিউৰ ৰহমানক পৰিচালনা সমিতিৰ সভাপতি বাছনি কৰে।

আনহাতে উক্ত পদৰ বাবে অভিভাৱক নুৰুল হকে প্ৰতিদ্বন্দ্বিতা কৰে যদিও ৰহস্য জনকভাবে তেওঁক সভাপতি পদৰ পৰা বঞ্চিত কৰে। আনহাতে উক্ত পদৰ বাবে বেলেগ কোনো অভিভাৱকে প্ৰতিদ্বন্দ্বিতা কৰিলে পৰিস্থিতি ভয়ানক হ'ব বুলি ভাবুকি প্ৰদানেৰে অধ্যাপকগৰাকীয়ে সভাস্থলীত হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ অভিযোগ উঠিছে। এনেদৰে ভয়-ভাবুকি তথা হুলস্থুল কৰাত সভাস্থলীৰ পৰা উপস্থিত লোকৰ সংখ্যা হ্ৰাস পোৱাৰ সুযোগ লৈ নিজৰ ফলীয়া মানুহৰ দ্বাৰা সভাপতি পদ দখল কৰাৰ অভিযোগ উত্থাপিত হৈছে।

শিক্ষা বিভাগৰ SSA/BNGN/CP /PCR /2/2003/PT/2014 89-97 dt 22.05.2017 Ref.3 State Govt.Notification No.PMA-627 /2010/pt/149 dt. 03/8/2011ৰ মতে ৯ নম্বৰ দফাৰ উল্লেখিত নিয়ম মতে কোনো চাকৰি কৰা শিক্ষক বা বিদ্যালয়ত সন্তান নথকা অভিভাৱকে পৰিচালনা সমিতিৰ সভাপতি বা উপ-সভাপতিৰ পদ গ্ৰহণ কৰিব নোৱাৰে।

এনেক্ষেত্ৰত স্থানীয় অভিভাৱক সকলক বঞ্চিত কৰি পোনপটীয়াকৈ বিভাগীয় নীতি-নিয়ম উলংঘা কৰি সভাপতি পদ দখল কৰাত শিক্ষা সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তদুপৰি উক্ত ছফিউৰ ৰহমানে জাৰাগুৰি মহাত্মা এম ই মাদ্ৰাছাৰো পৰিচালনা সমিতিৰ সভাপতি হিচাপে দায়িত্ব চলাই আছে।

ইফালে গৰাইমাৰী সমল কেন্দ্ৰৰ চি আৰ চি চি ময়নুল হকে বিভাগীয় নিৰ্দেশনা পাঠ কৰি দিয়াৰ পিচতো মাদ্ৰাছাৰ হেড মুদাৰিৰছ নাজিম উদ্দিনৰ ভূমিকাও ৰহস্যজনক বুলি অভিযোগ পোৱা গৈছে।

আনহাতে, পৰিচালনা সমিতি গঠনৰ ক্ষেত্ৰত সংঘটিত অনিয়মৰ বিৰুদ্ধে তদন্তৰ জৰিয়তে সভাপতি ৰহমানক বাতিল কৰি অভিভাৱকক সভাপতি পদ দিয়াৰ বাবে শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত আৰু বঙাইগাঁও জিলা মিছন সমন্বয়কক লিখিত অভিযোগ দিয়া বুলি জানিব পৰা গৈছে।