লংকাঃ দুৰ্নীতি আৰু উন্নয়ন যেন এটি মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ দুৰ্নীতি সমাজৰ বাবে বৰবিহ স্বৰূপ৷ সমাজৰ দৰিদ্ৰৰ বাবে চৰকাৰে ৰূপায়ণ কৰা আঁচনিৰ ধন আত্মসাৎ কৰি একাংশ লোকে সংঘটিত কৰি আহিছে একাধিক দুৰ্নীতি৷

দুৰ্নীতি নিৰ্মূলৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও এনে পদক্ষেপক বুঢা আঙুলি দেখুৱাই একাংশ বিষয়া-কৰ্মচাৰীয়ে চলাই গৈছে ব্যাপক লুন্ঠন৷ এইবাৰ দুৰ্নীতিৰ অভিযোগ উঠিছে লংকাৰ ঢলপুখুৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ভালুকমাৰী গাঁও পঞ্চায়তৰ বিৰুদ্ধে৷

পঞ্চায়তটোৰ দুৰ্নীতিৰ বিৰুদ্ধে স্থানীয় এজন যুৱকে আৰক্ষীক এজাহাৰ দিয়াৰ পাছতে লুন্ঠনৰ ঘটনা পোহৰলৈ আহে৷ অভিযোগ অনুসৰি ২০১৫-১৬ চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে পঞ্চায়তটোত ১৫ লাখ টকাৰ আঁচনি ৰূপায়ণৰ তদাৰক কৰিছিল পঞ্চায়তটোৰ সচিব জ্যোৰ্তিময় পাল আৰু ঢলপুখুৰী উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা কেশৱ ভূঞাই। কিন্তু আঁচনি ৰূপায়ণৰ পৰিৱৰ্তে দুয়োজনে মিলি ব্যপক লুণ্ঠনহে চলায়।

পঞ্চায়তটোৰ সচেতন যুৱক প্ৰদীপ গৌড়ে লংকা আৰক্ষী থানাত গোচৰ তৰি আঁচনিৰ ১৫ লাখ টকা হৰলুকী কৰাৰ অভিযোগ তুলি দুৰ্নীতিকাৰীক শাস্তিৰ দাবী জনায়৷ জানিব পৰা মতে, পঞ্চায়টোত এখন গাঁও সভা অনুষ্ঠিত কৰি ১০ টা ৱাৰ্ডৰ ভিতৰত ৯ টা ৱাৰ্ডত ৮৫ টা দমকল আৰু এটা ৱাৰ্ডত এখন শ্মশান নিৰ্মাণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল৷

সচিব জ্যোৰ্তিময় পাল আৰু বিভাগীয় অভিযন্তা কেশৱ ভূঞাই চিলিণ্ডাৰ যুক্ত প্ৰতিটো দমকলত ২৩ হাজাৰ টকাকৈ খৰছ কৰি ইতিমধ্যে দমকলসমূহ স্থাপন কৰে৷ সচেতন যুৱক প্ৰদীপ গৌড়ে প্ৰতিটো দমকলত ৬-৭ হাজাৰ টকা ব্যয় হোৱা বুলি অভিযোগ কৰে৷ দমকলসমুহৰ অধিকাংশৰ অৱস্থা তথৈবছ৷ বহু দমকল স্থাপনৰ পাছৰে পৰা পানী নোলোৱাৰ বিপৰীতে বহু দমকলত পানী উলাই যদিও পৰ্যাপ্ত নহয় বা ব্যৱহাৰৰ অনুপযোগী৷

নিম্ন মানদণ্ডৰ ফিল্টাৰ আৰু চুটি পাইপ ব্যৱহাৰ কৰাৰ লগতে কম বৰিং কৰাৰ ফলত আঁচনিখনৰ পৰা ৰাইজ উপকৃত নোহোৱাৰ অভিযোগ উঠিছে৷ প্ৰতিটো দমকলত মাথো ৬-৭ হাজাৰ টকা খৰছ কৰি বাকী টকাসমূহ হৰলুকী কৰাৰ অভিযোগ উঠিছে পঞ্চায়ত সচিব আৰু কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে৷

সচিব জ্যোৰ্তিময় পালে পঞ্চায়ত কাৰ্যালয়ত নিয়মীয়াকৈ উপস্থিত নাথাকি অধিক সময় হোজাই চহৰত থকা সচিবজনৰ হোটেল ব্যৱসায়ত ব্যস্ত থাকে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ ৰাইজে হোজাই চহৰত সচিবগৰাকীক লগ কৰিহে পঞ্চায়তৰ কাম কৰিবলগীয়া হয় বুলিও জনাইছে৷

আনহাতে দমকল বহুৱাৰ নামত সংঘটিত অনিয়ম সন্দৰ্ভত জানিব বিচাৰিলে সচিবগৰাকীয়ে ৰাইজক ভাবুকি প্ৰদান কৰাৰ লগতে অাঁচনিৰ ধনৰ ০.৫% ওপৰৰ বিষয়াক দিব লাগে বুলি মন্তব্য কৰে বুলিও অভিযোগ উঠিছে৷ ইফালে লংকা আৰক্ষীয়ে ৪৯৩/২০১৭ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷