
নগাঁও টাউনঃ কামত গাফিলতি আৰু দুৰ্নীতিৰ বিৰুদ্ধে সদা সৰৱ বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিতে এতিয়া আৰম্ভ হৈছে গাফিলতি আৰু দুৰ্নীতিৰাজ৷ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ডিমৌ-ৰাইদংগীয়া পথ সংযোগী সোনাই নৈৰ ওপৰৰ এখন দলং৷ প্ৰায় সাত বছৰৰ প্ৰতীক্ষাৰ অন্তত সোনাই নৈৰ দুয়ো পাৰৰ ৰাইজৰ যাতায়তৰ বাবে অলপতে মুকলি হোৱা দলং খনক লৈ এতিয়া নৈৰ দুয়েপাৰৰ ৰাইজৰ মনত সৃষ্টি হৈছে প্ৰচণ্ড ক্ষোভ৷
দলঙৰ উত্তৰ পাৰৰ এপ্ৰোচৰ একাংশ ভাঙি প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত এতিয়া সোনাই নৈৰ দুয়োপাৰৰ ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে৷ প্ৰায় আঢ়ৈ কোটি টকা ব্যয়ৰে নিৰ্মান কৰা এই দলঙখন বৰ্তমান অস্তিত্বৰ সংকটত৷ সমষ্টিটোৰ বিধায়িকা আঙুৰলতা ডেকাৰ দুৰ্নীতি আৰু গাফিলতিৰ বিৰুদ্ধাচৰণক আওকান কৰি একাংশ ঠিকাদাৰে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগত গোপন মিতিৰালিৰে অব্যাহত ৰাখিছে লুন্ঠনৰাজ।
নগাঁও জিলাৰ গড়কাপ্তানী বিভাগৰ বটদ্ৰৱা গ্ৰামীন পথ উপ-সংমণ্ডলৰ অন্তৰ্গত সোণাই নৈৰ ওপৰৰ নৱনিৰ্মিত পকী দলং খনৰ উত্তৰ মূৰ সংযোগী পথৰ বৰ্তমান বিধ্বস্ত অৱস্থাই ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীৰ গোপন লুন্ঠনৰাজকে প্ৰমান কৰে৷
ডিমৌ-ৰাইদংগীয়া সংযোগী গড়কাপ্তানি পথৰ সোণাই নদীৰ ওপৰৰ দলঙখনত ভৰি দিলেই এতিয়া চপৰে চপৰে খহে ইয়াৰ কেতবোৰ অংশ। দলঙৰ লগত সংলগ্ন এপ্ৰোছ ৰ’ডটোত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। নৱনিৰ্মিত দলঙখনৰ নিৰ্মানৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰ জনৈক গায়নৰ আসোঁৱাহপূৰ্ণ নিৰ্মাণৰ বাবেই এতিয়া ভৰি দিলেই চপৰা-চপৰে তললৈ খহি পৰে পথৰ অংশ। দলংখনত যিকোনো সময়তে ভয়ংকৰ অঘটন সংঘটিত হোৱাৰ আশংকাই এতিয়া সোনাই নৈৰ দুয়োপাৰৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷
নিম্ন মানৰ নিৰ্মান সামগ্ৰীৰে এই নিৰ্মান কাৰ্য সম্পাদন কৰাৰ বাবেই দলং সংলগ্ন পথটোৰ এনে বিধ্বস্ত ৰূপ হৈছে বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰে৷ আনহাতে, দলং খনৰ দুয়োমূৰৰ নৈৰ পাৰত কোনো শিলৰ বান্ধ নাই৷ এখন প্ৰৱল খৰস্ৰোতা নৈৰ ওপৰৰ দলঙৰ দুইমূৰত কেৱল মাটি জাপিয়েই দায়িত্ব সামৰা বিভাগটোৰ কাৰিকৰী জ্ঞানৰ নমুনা দেখি সচেতন মহলৰ চকু কপালত উঠিছে৷
উল্লেখ্য যে, বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমৌ ৰাইদংগীয়া সংযোগী পথৰ সোণাই নৈৰ ওপৰত দলং খনৰ নিৰ্মাণকাৰ্য ২০১১ চনৰ ফ্ৰেব্ৰুৱাৰী মাহতেই কলিয়াবৰ লোকসভা সমষ্টিৰ তদানীন্তন সাংসদ দীপ গগৈয়ে শিলান্যাস কৰি আৰম্ভ কৰিছিল৷ পৰৱৰ্তী সময়ত সমষ্টিটোৰ পূৰ্বৰ বিধায়ক গৌতম বৰাৰ আশীৰ্বাদপুষ্ট ঠিকাদাৰ গৰাকীৰ অমনোযোগিতা আৰু অৱহেলাৰ বাবেই দলংখনৰ নিৰ্মান কাৰ্য্য স্থবিৰ হৈ পৰিছিল৷ বিগত নিৰ্বাচনত বিধায়ক গৰাকীক সোনাই নৈৰ দুয়োপাৰৰ ৰাইজে প্ৰত্যাখান কৰাৰ ইয়ো এক অন্যতম কাৰণ আছিল৷ তাৰেই পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে বৰ্তমানৰ বিধায়িকা আঙুৰলতা ডেকাই৷
নিৰ্বাচনৰ সময়ত দলংখন অতি সোনকালেই নিৰ্মান কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী বৈতৰনী পাৰ হ'ল আৰু পৰৱৰ্তী সময়ত বিধায়িকা গৰাকীয়ে সেই কথা আখৰে আখৰে পালনো কৰিলে৷ কিন্তু বিধায়িকা আঙুৰলতা ডেকাক অন্ধকাৰত ৰাখি ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে যেনে-তেনে থাপি থুপি দলংখনৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ কৰি তোলে যদিও দলংখনৰ এপ্ৰোছ ৰ'ড দুটা বহি এতিয়া বিধ্বস্ত ৰূপ লৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত সোণাই নৈৰ দুয়োপাৰৰ ৩০ খনতকৈও অধিক গাঁৱৰ গঞা ক্ষুব্ধ হৈ পৰিছে৷
ৰাইজ পুনৰ বলিৰ পঠা হ'ল একাংশ বিভাগীয় দুৰ্নীতিগ্ৰস্থ বিষয়া-কৰ্মচাৰীৰ লগতে সংশ্লিষ্ট ঠিকাদাৰ গৰাকীৰ৷ এতিয়া বিভাগীয় মন্ত্ৰী গৰাকীয়ে এইজন দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ তথা দলং নিৰ্মানত দায়িত্বপ্ৰাপ্ত বিষয়া-কৰ্মচাৰী সকলৰ বিৰুদ্ধে কেনে অনুশাসনমূলক ব্যৱস্থা গ্ৰহন কৰে সেয়া লক্ষনীয় হ'ব৷
মন্ত্ৰী গৰাকীৰ মুখত আখৈ ফুটাদি ফুটা দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰক ব্লেকলিষ্টেড কৰাৰ ঘোষণা কেৱল ঘোষণা হৈয়েই থাকিব নে কোনো সঠিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব তাৰ ওপৰতো কঠোৰ দৃষ্টি ৰাখিব সচেতন ৰাইজে৷