
ধিংঃ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগ সমূহৰ ভিতৰত অন্য এক গুৰুত্বপূৰ্ণ বিভাগ হ'ল ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ। জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগান ধৰাটোৱেই এই বিভাগটোৰ মূল লক্ষ্য আৰু উদ্দেশ্যে যদিও জনস্বাস্থ্য কাৰিকৰী বিভাগ ধিং সংমণ্ডলত ইয়াৰ বিপৰীত ছবিখন হে দেখা পোৱা গৈছে। ধিং জনস্বাস্থ্য কাৰিকৰী বিভাগত এতিয়া এছ ডি অ ৰাজীৱ বৰাৰ পৰ্বতসম দুৰ্নীতিৰ বাবেই স্তব্ধ হৈ পৰিছে বিভাগটোৰ কাম কাজ। মেৰামতিৰ অভাৱত বিকল হৈ পৰিছে এতিয়া সংমণ্ডলটোৰ বহু গ্ৰাম্য পানী যোগান আঁচনি৷ অঞ্চলৰ জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগানলৈ পিঠি দি কেৱল জালিয়াতিৰে ধন লুণ্ঠণ কৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছে। কেৱল সেয়াই নহয়, ৰাজীৱ বৰাৰ পৰ্বতসম দুৰ্নীতিৰ কথা এতিয়া সকলোৰে মুখে-মুখে।
উল্লেখ্য যে, জনস্বাস্থ্য কাৰিকৰি বিভাগ ধিং সংমণ্ডলৰ বিগত সময়ছোৱাত জনসাধাৰণক পানী যোগানৰ নামত সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম। শেহতীয়াকৈ বিভাগটোৰ সহকাৰী কাৰ্যবাহী অভিযন্তা (এছ ডি অ) ৰাজীৱ বৰাই ধিঙত পানী যোগানৰ নামত লাখ-লাখ টকা লুণ্ঠণ কৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি এছ ডি অ ৰাজীৱ বৰাই একাংশ ঠিকাদাৰক যিকোনো গ্ৰাম্য পানী যোগান আঁচনিত মেৰামতিৰ কাম দি যোৱা প্ৰায় দুই বছৰ ধৰি কাৰ্যবাহী অভিযন্তা চামচুদ জামান চৌধুৰীৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি লাখ লাখ টকা আত্মসাৎ কৰি আহিছে।
কেৱল সেয়াই নহয়, সংমণ্ডলটোলৈ চৰকাৰে যোগান ধৰা এফ্ৰচি'ৰ সময়ত লাখে লাখে টকা লুণ্ঠন কৰি নোদোকা হৈ পৰাৰ লগতে ভৰিৰে মোহাৰি পেলাইছে চৰকাৰী সকলো নীতি নিয়ম। একো একো জন ঠিকাদাৰৰ নামত ভূৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই ইয়াৰ শতকৰা মাত্ৰ দহ শংতাশ ধন নিৰ্দিষ্ট ঠিকাদাৰজনক দি বাকী ৯০ শতাংশ ধনেই ৰাজীৱ বৰাই হজম কৰি আহিছে। যাৰ ফলশ্ৰুতিত প্ৰকৃত কাম কৰা ঠিকাদাৰসকল প্ৰাপ্য ধনৰ বৰা বঞ্চিত হৈ আহিব লগাত পৰিছে।
যাৰ বাবে এতিয়া ধিং সংমণ্ডললৈ যাবলৈ এৰিছে ঠিকাদাৰসকল। নিতৌ ঠিকাদাৰক ধন খুজি হাৰাশাস্তি কৰি আহিছে ৰাজীৱ বৰাই। চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰি ৰাজীৱ বৰাই বিলাসী বাহন ক্ৰয় কৰাৰ লগতে গুৱাহাটী মহানগৰীত গঢ়িছে অজস্ৰ সা-সম্পত্তি। ৰাজীৱ বৰাৰ এনে দুৰ্নীতি কথা এতিয়া নগাঁও জিলাখনৰ লগতে ধিঙৰ প্ৰতিজন সচেতন ব্যক্তিৰ মুখে-মুখে। ইফালে আচৰিত কথা এয়ে যে, বহুতো ঠিকাদাৰৰ অজ্ঞাতেই ৰাজীৱ বৰাই চলাই আহিছে লুণ্ঠনৰাজ৷
শেহতীয়াকৈ যোৱা মাহত সংমণ্ডলটোলৈ নামডুমডুমীয়া, শালকাটি আৰু গোসাঁইবড়ি গ্ৰাম্য পানী যোগান আঁচনিৰ নামত আহিছিল প্ৰায় ২৬ লাখকৈ টকা। কিন্তু এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে এই তিনিটা গ্ৰাম্য পানী যোগান আঁচনিৰ প্ৰতিটো আঁচনিৰ বিপৰীতে মাত্ৰ প্ৰায় দুই লাখ টকাৰহে বিল আছিল। কিন্তু বাকী ধনাৰাশি ৰাজীৱ বৰাই একাংশ ঠিকাদাৰৰ নামত ভূৱা বিল পাছ কৰি লাখ লাখ টকা হজম কৰি আহিছে। ইয়াৰে আকৌ বহুতো ঠিকাদাৰৰ অজ্ঞাতে কৰিছিল ৰাজীৱ বৰাই বিল পাছ। বিল পোৱাৰ পাছত ৰাজীৱ বৰাই ঠিকাদাৰৰ পৰা ধন বিছৰাৰ সময়তহে ঠিকাদাৰজনে এনে ভয়ংকৰ জালিয়াতিৰ কথা জানিব পাৰি হতবাক হৈ পৰে।
তদুপৰি যোৱা মাৰ্চ মাহত ১৩টা নতুন পানী যোগান আঁচনিৰ ‘দীপ টিউব ৱেল’ৰ বিলৰ বাবদ তেৰজন ঠিকাদাৰৰ পৰা বিলৰ বাবদ প্ৰতিজন ৰ পৰা বিশ হেজাৰ কৈ আৰু এই বিলৰ বাবদ গুৱাহাটীৰ অফিচত ঘোচ দিয়াৰ নামত প্ৰতিজনৰ পৰা চাৰিহাজাৰকৈ উৎকোচ লোৱাৰ এক লিখিত অভিযোগ সম্প্ৰতি পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য অব্যাহত আছে। কেৱল সেয়াই নহয়, দুৰ্নীতিগ্ৰস্থ বিষয়া ৰাজীৱ বৰাৰ এনে কু-কীৰ্তিৰ কথা এজন ঠিকাদাৰে চ'চিয়েল মিডিয়াৰ ফেচবুকত দিয়া এক পোষ্টে জোকাৰণি তুলিছে সমগ্ৰ নগাঁও জিলাত। স্মৰ্তব্য যে, যোৱা এফ্ৰচিৰ' সময়ত ঠিকাদাৰক দিয়া বিলৰ ভাউচাৰ মিলোৱাৰ চেষ্টা দিনে নিশাই অব্যাহত ৰাখিছে ৰাজীৱ বৰাই৷
ৰাজীৱ বৰাৰ এনে চৰম দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বাতৰি সংবাদ মাধ্যমত প্ৰায়ে প্ৰচাৰ হৈ অহাৰ পিছতো আজি পৰ্যন্ত সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নহ’ল। শেহতীয়া কৈ এই দুৰ্নীতিগ্ৰস্থ বিষয়া ৰাজীৱ বৰাৰ বিৰুদ্ধে উচিত তদন্ত কৰি শাস্তিৰ ব্যৱস্থা প্ৰদান কৰাৰ লগতে যোৱা দহ বছৰত সংঘটিত দুৰ্নীতিৰ এক ন্যায়িক তদন্ত কৰিবলৈ একংশ ঠিকাদাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ওচৰত অভিযোগ দাখিল কৰিছে। পৰিবৰ্তনকামী অসম চৰকাৰে ৰাজীৱ বৰাৰ বিৰুদ্ধে এতিয়া কেনে ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া এক লক্ষণীয় বিষয় হৈ পৰিছে৷