
গোলকগঞ্জঃ দুখীয়া দৰিদ্ৰ পৰিয়ালক সকাহ দিয়াৰ বাবে চৰকাৰে বিভিন্ন অভিলাসী আঁচনি ৰূপায়ন কৰিলেও একাংশ নেতা-পালিনেতাৰ বাবে বঞ্চিত হ’বলগীয়া হয় দৰিদ্ৰ শ্ৰেনী। তাৰেই দৃষ্টান্ত ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীধূৰা উন্নয়নখণ্ডৰ কামানডাঙা গাঁওপঞ্চায়তৰ পলাশকান্দি গাঁৱত৷
২০১৩-২০১৪ বিত্তীয় বৰ্ষত মাসকৰ আলীৰ ঘৰৰ পৰা পলাশকান্দি লিংক ৰোডলৈ মাটি আৰু শিল-বালি পেলোৱাৰ বাবে চৰকাৰে PMGSY আঁচনিৰ ৪,৯৯,৪৭৭ টকা আবন্টন কৰে।
জানিব পোৱা মতে¸ গাঁওখনৰ পঞ্চায়ত সদস্য ওচমান গণিয়ে ৰাস্তাৰ কোনো কাম নকৰাকৈ আঁচনিটোত প্ৰায় দুশ জবকাৰ্ড হিতাধিকাৰীৰ নামত ভূৱা চহী আৰু টিপ চহী দি ডাকঘৰৰ পৰা টকা উঠাই লয়। কোনো এজন জৱকাৰ্ড হিতাধীকাৰীয়ে এই টকা পোৱা নাই আৰু কোনোৱে ডাকঘৰতো যোৱা নাই বুলি ৰাইজে অভিযোগ কৰে।
তাৰোপৰি শিল বালি নিদিয়াকৈয়ে উদয় সেচ্ছাসেৱী সংস্থাটোৰ পৰা ভূৱা চালান দেখুৱাই আঁচনিটোৰ সম্পূৰ্ণ টকা আত্মসাৎ কৰে পঞ্চায়ত সদস্যগৰাকীয়ে। লগতে একেটা পথতে ছৈয়দ আলীৰ ঘৰৰ পৰা কবৰস্থানলৈ ২০১৫-১৬ বিত্তীয় বৰ্ষত দ্বিতীয় বাৰৰ বাবে ১,৯৯,৭০০ টকা আবন্টন কৰা হয়৷ পূৰ্বৰ আঁচনিৰ কাম নকৰি ধূৰন্ধৰ ওচমান গণিয়ে পিছৰ আঁচনিৰ সামান্য কাম কৰি আগৰ আঁচনিৰ কাম গাপ দিয়াৰ চেষ্টা কৰে।
আনহাতে তাতো ক্ষান্ত নাথাকি ধুৰুন্ধৰ পঞ্চায়তসদস্য গৰাকীয়ে গাঁওখনৰ দৰিদ্ৰ পৰিয়ালক ঘৰ দিয়াৰ নামত ১০ পৰা ২০ হাজাৰকৈ টকা লোৱা বুলিও অভিযোগ উত্থাপিত হৈছে।
তথ্য জনাৰ অধিকাৰ আইনৰ মাধ্যমেদি সকলো তথ্য ফাদিল হোৱাৰ পাছত ক্ষুদ্ধ হৈ পৰে ৰাইজ। তাৰেই প্ৰতিবাদত গাওঁখনত প্ৰায় পাঁচ শতাধিক পুৰুষ মহিলাই সদস্যগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী সভা অনুষ্ঠিত কৰি পঞ্চায়ত সদস্য ওচমান গণিৰ বিৰুদ্ধে উচিত ব্যাৱস্থা গ্ৰহণ কৰিবৰ বাবে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
ইয়াৰে মাজত মোকসেদ আলী, আব্দুল সেখ, মোস্তাব আলী, আব্দুল গফুৰ, শূকুৰজান বেওৱাৰ পৰা বাৰ হাজাৰ কৈ উৎকোচ লৈছে যদিও ২০১৩ -১৪ বিত্তীয় বৰ্ষৰ ঘৰ আজিও অৰ্ধনিৰ্মিত অৱস্থাতে পৰি ৰৈছে৷
সদস্য গৰাকীৰ দুৰ্নীতিৰ তদন্ত কৰি বিহিত ৱ্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে জিলা উপায়ুক্তক অৱগত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ভূক্তভোগী স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷