
ধেমাজিঃ ধেমাজি জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে ধেমাজি জিলাখনৰ বিভিন্ন সমস্যা সমূহৰ সমাধানৰ লগতে চৰকাৰী ধন আত্মস্যাৎ কৰি দুৰ্নীতিত লিপ্ত হোৱা সকলৰ বিৰুদ্ধে মাত মাতি আহিছে।
আজি ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চিলাপথাৰ টাউন কমিটিৰ অন্তৰ্গত কল্যাণ কেন্দ্ৰত টুৰিষ্ট লজ বিল্ডিংটো আধাৰুৱাকৈ নিৰ্মাণ কৰি চৰকাৰী ধন আত্মস্যাৎ কৰা দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ বিজু কোম্বাঙৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লবলৈ ধেমাজি উপায়ুক্তক স্মাৰক পত্ৰ জড়িয়তে দাবী উত্থাপন কৰে।
উল্লেখ যে, ২০১২ চনতেই আৰম্ভ হোৱা ৬৬,৩৩,৮৩৩,০০ টকীয়া কামটো আজি প্ৰযন্ত সম্পূৰ্ণ নহ’ল৷ যাৰ পৰিপ্ৰেক্ষিতত আজি ছাত্র মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিৰ সভাপতি যুগল গগৈ আৰু সাধাৰণ সম্পাদকদ্বয় ৰুদ্ৰ ভূঞা, হিল্লোৰাজ বুঢ়াগোহাঁই আৰু মন্টু কাৰদঙে জিলা প্ৰশাসক চৰকাৰী তথা ৰাজহুৱা ধন আত্মস্যাৎ কৰা অপৰাধত দুৰ্নীতিগ্ৰস্ত বিজেপি নেতা বিজু কোম্বাঙৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
অন্যহাতে টাউন কমিটিক মেনেজ কৰি ৫২,৩১,২২০,০০ টকা বিজু কোম্বাঙে কাম সম্পূৰ্ণ নকৰাকৈ আদায় কৰি সেই ধন আত্মস্যাৎ কৰাৰ অভিযোগ আহিছে। সংগঠনটোৱে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে যদি জিলা প্ৰশাসনে দুৰ্নীতিপৰায়ন নেতা-ঠিকাদাৰৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব৷