মোৰাঝাৰঃ হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ ১৩নং আমবাৰী গাঁও পঞ্চায়তত সংঘটিত হৈছে অনিয়ম আৰু দূৰ্নীতি। বহু জনপ্ৰতিনিধি ৰঙা ঘৰৰ আলহী হোৱাৰ পাছতো নিৰ্মুল হোৱা নাই দূৰ্নীতি।প্ৰাপ্ত তথ্য মতে, ২০১৫-১৬ বিত্তীয় বৰ্ষৰ ধনেৰে পশ্চিম আমবাৰী প্ৰাথমিক বিদ্যালয়ত বৃক্ষৰোপন আৰু মাটী পেলোৱাৰ নামত দহ লাখ টকা মোকলাই আনি দহ শতাংশ কাম কৰি বাকী ধন আত্মাসাৎ কৰে পঞ্চায়তখনৰ সভাপতিয়ে। 

একে বৰ্ষত আমবাৰী-জয়নগৰ পথৰ পৰা আতাউৰ ৰহমানৰ ঘৰলৈ বৃক্ষৰোপনৰ নামত ২২ লাখ টকা, জলসিঞ্চন নলা উন্নয়নৰ নামত ১০ লাখ টকা আৰু ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰৰ নামত ১০ লাখ টকা মোকলাই আনি পঞ্চায়তৰ সভাপতি আব্দুল হান্নান আৰু সচিব আবুল কালামে মিলি সমুদায় ধন আত্মাসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে। 

এনেধৰণে এনৰেগাৰ ধন হজম কৰি ৰাইজৰ উন্নয়নত বুঢ়া আঙুলি দেখুওৱা বুলি অভিযোগ উত্থাপন কৰি স্থানীয় যুৱক ছামা উল্লাই মোৰাঝাৰ থানাত সভাৰতি আৰু সচিবৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। 

উল্লেখযোগ্য যে, অভিযোগ দাখিল কৰাৰ পাছতো মোৰাঝাৰ আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বুধবাৰে একাংশ ৰাইজে পুনৰ হোজাই জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ প্ৰদান কৰে। ইফালে প্ৰায় এবছৰ পূৰ্বে পঞ্চায়তখনৰ একাংশ সদস্যৰ অভিযোগৰ ভিত্তিত অসম চৰকাৰৰ দূৰ্নীতি নিবাৰণ শাখা আৰু জিলা দণ্ডাধীশে এখ তদন্ত কৰিছিল৷ 

এই তদন্তত পঞ্চায়তখনৰ বিত্তীয় খেলি মেলিৰ বিষয়ে জনাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে প্ৰশাসনৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিবলৈ বাধ্য হৈ পৰিছে৷