
হোজাইঃ নগাঁও জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত জয়নগৰ গাওঁ পঞ্চায়তৰ প্ৰতিখন চৰকাৰী আঁচনি ৰূপায়নত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি৷ কোনো আঁচনি ৰূপায়ন নকৰাকৈ হকে বিহকে আঁচনি মঞ্জুৰ কৰা দেখুৱাই সমস্ত ধন গো গ্ৰাসে উদৰস্ত কৰিছে পঞ্চায়ত প্ৰতিনিধি সহ বিন্নাকান্দি উন্নয়ন খণ্ডৰ কনিষ্ট অভিযন্তা আৰু খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে৷ জয়নগৰ পঞ্চায়তখনত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰিছে জয়নগৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা চায়ৰা বেগমে৷
আঞ্চলিক পঞ্চায়তৰ সদস্যাগৰাকীয়ে তেওঁৰ স্বামীৰ নামত কেতবোৰ আঁচনি মঞ্জুৰ কৰাই সমগ্ৰ ধন আত্মসাত কৰাৰ লগতে আন কেইবাটাও আঁচনি ৰূপায়ন নকৰাকৈ আচনিৰ ধন আত্মসাৎ কৰাৰ ভয়ানক অভিযোগ উত্থাপন হৈছে৷
বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়া আৰু জয়নগৰ গাওঁ পঞ্চায়তৰ দায়িত্বত থকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ কনিষ্ট অভিযন্তা গৰাকীক মেনেজ কৰি জয়নগৰ আঞ্চলিক পঞ্চায়তৰ সদস্যাই ত্ৰিশ লাখ টকাৰ আচনি মঞ্জুৰ কৰাই মাত্ৰ লাখ-দুই লাখ টকাৰ কাম কৰিয়েই সমগ্ৰ ধন আত্মসাৎ কৰাৰ পিছতো চকু মুদা কুলিৰ ভাওঁ ধৰিছে অন্যান্য বিষয়া কৰ্মচাৰীয়ে৷ জয়নগৰ পঞ্চায়তত এনে প্ৰায় শতাধিক ভুৱা আঁচনি আছে, যিবোৰ কাগজে কলমে ৰূপায়ন কৰা দেখুৱাই আঞ্চলিক পঞ্চায়ত সদস্যা চায়ৰা বেগমৰ স্বামী ফখৰুল ইছলামে সমগ্ৰ ধন আত্মসাৎ কৰি দুৰ্নীতিৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিছে৷
জয়নগৰ পঞ্চায়তত শিংগিৰপাৰ গাঁৱত আঞ্চলিক পঞ্চায়তৰ সদস্যাগৰাকীয়ে এটা কালভাৰ্ট আৰু নলা নিৰ্মানৰ নামত ত্ৰিশ লাখ টকাৰ এক আঁচনি মঞ্জুৰ কৰিছিল৷ উক্ত আঁচনিখনৰ বিপৰীতে মাত্ৰ চাৰি-পাঁচ লাখ টকাৰ কাম কৰিয়েই সমগ্ৰ ধন আত্মসাত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাত আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে স্থানীয় বাসিন্দা৷
উক্ত আঁচনিখন বৰ্তমানলৈকে আধৰুৱা হৈ আছে যদিও ইতিমধ্যে উন্নয়ন খণ্ডই আঁচনিখনৰ নামত প্ৰায় চাৰি লাখ টকা মুকলি কৰি দিছে৷ বাকী ধনখিনি কাম সম্পূৰ্ণ নকৰাকৈয়ে মুকলি কৰি আনি আত্মসাৎ কৰিবৰ বাবে উঠি পৰি লাগিছে অাঞ্চলিক পঞ্চায়ত সদস্যাৰ স্বামী ফখৰুল ইছলাম৷ এই সমস্ত দুৰ্নীতিত সহযোগ কৰিছে উন্নয়ন খণ্ডটিৰ পাঠক উপাধিৰ এজন কনিষ্ট অভিযন্তা আৰু খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে৷ ইয়াৰ উপৰিও শিংগিৰপাৰ গাঁৱত এটি ৰাস্তা মেৰামতিৰ নামত আঞ্চলিক পঞ্চায়ত সদস্যা আৰু তেওঁৰ স্বামীয়ে আত্মসাৎ কৰিছে কেবালক্ষাধীক টকা৷
প্ৰায় ১৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হ’বলগীয়া উক্ত পথটোত দুই গাড়ী বালি, পাথৰ পেলাই সমগ্ৰ ধন আত্মসাত কৰা হৈছে৷ পঞ্চায়তৰ বহু আঁচনিৰ বিপৰীতে কোনো কাম সম্পাদন নকৰাকৈ কোটি কোটি টকা মোকলাই নি আত্মসাত কৰিছে পঞ্চায়ত প্ৰতিনিধিসকলে৷ স্থানীয় ৰাইজে বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়াক বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো কোনো ফল নধৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ স্থানীয় দল সংগঠনৰ লগতে পঞ্চায়তখনৰ ৰাইজে অসমৰ পঞ্চায়ত মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ডাকযোগে অভিযোগপত্ৰ প্ৰেৰণ কৰি জয়নগৰ পঞ্চায়তটিত এক উচিত তদন্তৰ দাবী জনাইছে৷
উচিত তদন্ত হ’লেই বহু পঞ্চায়ত প্ৰতিনিধিৰ লগতে চৰকাৰী বিষয়া কৰ্মচাৰী হাতে লোটে ধৰা পৰি জেলৰ আলহী হ’ব বুলি ৰাইজে মন্তব্য কৰে৷