ডিব্ৰুগড়ঃ কংগ্ৰেছ চৰকাৰৰ দিনত জনসংযোগ বিভাগৰ একাংশ বিষয় কৰ্মচাৰীয়ে যে বিজ্ঞাপনৰ নামত লুণ্ঠন চলাইছিল সেই কথা স্পষ্ট হৈ পৰিছে। দিছপুৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত বিজ্ঞাপন কেলেংকাৰীৰ বিৰুদ্ধে  ডিব্ৰুগড়ত যোৱা ২২ আগষ্টৰ পৰা মূখ্যমন্ত্ৰী তদাৰকী কোষে তদন্তত চলাই থাকোঁতে আহিছে এনে বহু বিস্ফোৰক তথ্য।

ডিব্ৰুগড়ত তদাৰকী কোষৰ বিনয় কুমাৰ বৰ্মনৰ নেতৃত্বত জনসংযোগ বিভাগৰ বিজ্ঞাপন কেলেংকৰীৰ  বিৰুদ্ধে অভিযান অব্যাহত ৰখা দলটোৱে ‘ভিছন আসাম মিছন আসাম’ৰ অধীনত হৰ্ডিং লগোৱা বুলি কৈ অহা ঠাই সমূহ চলাথ কৰিছে যদিও কোনো অস্তিত্ব লাভ কৰা নাই।

বিনয় কুমাৰ বৰ্মনৰ নেতৃত্বত তদাৰকী কোষে যোৱা কেইদিনত ডিব্ৰুগড় জিলাৰ নামৰূপ, নাহৰকটীয়া, টিংখাং, ৰাজগড়, বামুণবাৰী আদি বিভিন্ন এলেকাত অনুসন্ধান চলাই যদিও উক্ত হৰ্ডিঙ লগোৱাৰ কোনো চিন মোকাম লাভ কৰা নাই।

ইয়াৰ পৰিপেক্ষিতত হৰ্ডিঙৰ বাবদ আবণ্টিত ধন ক'ত খৰচ কৰিছিল তাকলৈ ৰহস্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে, সেই সময়ৰ জনসংযোগ বিভাগৰ উপ-সঞ্চালক ৰঞ্জিত গগৈৰ ‘ভিছন আসাম মিছন আছাম’ৰ অধীনত ডিব্ৰুগড়ৰ বাবে ৯৩ টা হৰ্ডিঙৰ ঠিকা দিছিল।

ব্ৰহ্মপুত্ৰ এন্টাৰপ্ৰাইজ, ডেলটা পাব্লিচািটি, নন্দিতা ক্ৰিয়েচন, প্ৰদীপ এডভাৰটাইজিং নামৰ ফাৰ্ম কেইখনক হৰ্ডিঙৰ নিবিদা প্ৰদান কৰা হৈছিল৷ ইয়াৰ ভিতৰত এটা নিবিদা জনসংযোগ বিষয়া গৰাকীৰ আত্মীয়ৰ নামত থকা বুলিও এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। ইপিনে তদাৰকী কোষৰ বিষয়া গৰাকীয়ে শেহতীয়া ডিব্ৰুগড়ত অতিৰিক্ত উপায়ুক্ত হিচাপে যোগদান কৰা সঞ্জয় দত্ত আৰু জনসংযোগ বিষয়া সুলক্ষণা মিথি কছাৰীকো সোধা পোছা কৰিছে।

দুয়োগৰাকীয়ে তদাৰকী কোষক পূৰ্ণ সহযোগীতা আগবঢ়াইছে বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে হৰ্ডিঙৰ অস্তিত্ব পোৱা নাই যদিও অনাগত দিনত কিবা পায় নে নাপায় সেয়া লক্ষণীয় হ’ব।