
ঢেকীয়াজুলিঃ ’৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ ছহিদ মনবৰ নাথৰ কৰ্মভূমি, ভাষা আন্দোলনৰ ছহিদ ৰূপক নাথ আৰু অসম আন্দোলনৰ কেইবাগৰাকী ছহিদৰ জন্মস্থান বৰছলা সমষ্টিৰ অন্তৰ্গত আদৰ্শ ছহিদ গাঁও হিচাপে খ্যাত জহামাৰীত ছহিদ আৰু মুক্তিযুদ্ধাৰ সোঁৱৰণত নিৰ্মান কৰা এখন তোৰণক কেন্দ্ৰ কৰি গাঁওবাসীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইতিমধ্যে নিৰ্মান কাৰ্য চলি থকাএই তোৰণখনক লৈ মুঠেও সন্তুষ্ট নহয় গাঁওবাসী৷
ইতিমধ্যে তোৰণ নিৰ্মানৰ ক্ষেত্ৰত বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৱে গ্ৰহণ কৰা স্থিতিত অসন্তুষ্ট হৈ একাংশ দলীয় কৰ্মী তথা তোৰণ নিৰ্মান সমিতিৰ সদস্যই অনিয়মৰ অভিযোগ আনি শোণিতপুৰ জিলা উপায়ুক্ত আৰু বিহগুৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক পৃথকে পৃথকে অভিযোগ পত্ৰ দাখিল কৰি ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে৷ বিজেপি দলৰ তিনিগৰাকীকৈ কৰ্মী তথা তোৰণ নিৰ্মান সমিতিৰ সদস্যই বিধায়ক গণেশ লিম্বুৰ কৰ্মকাণ্ডত ক্ষুব্ধ হৈ লিখিত ভাবে দিয়া পত্ৰখনত এই বুলি উল্লেখ কৰিছে যে তেওঁলোকক অন্ধকাৰত ৰাখি লিম্বুৱে নিজৰ পচন্দৰ লোকক নিয়োগ কৰি বিহগুৰি উন্নয়ন খণ্ডৰ এগৰাকী অভিযন্তাৰ জৰিয়তে মইমতালিৰে তোৰণ নিৰ্মানত নামি পৰিছে৷
ইফালে আন একাংশ ৰাইজে অভিযোগ আনিছে যে বিধায়ক গণেশ লিম্বু যিহেতু পূৰ্বতে এগৰাকী ব্যৱসায়ী আছিল গতিকে তেওঁ বৰছলা সমষ্টিৰ বিধায়কৰ লেখিয়া সন্মানীয় আসনত অধিষ্ঠিত হৈও কেৱল ব্যৱসায়ীক মানসিকতাৰে সমষ্টিৰ উন্নয়ণৰ কামত নামি পৰিছে৷ অভিযোগ মতে, বিধায়ক গৰাকীৰ এগৰাকী সম্বন্ধীয় খুড়া ললিত লিম্বু এতিয়া সমষ্টিত চলি থকা প্ৰতিটো চৰকাৰী নিৰ্মান কাৰ্যৰ সামগ্ৰী যোগানৰ মূল ঠিকাদাৰ৷ মুঠতে স্থানীয় লোকক বঞ্চিত কৰি লিম্বুৱে নিজৰ মুনাফা লাভৰ অচিলাৰে নিজৰ পচন্দৰ মানুহক আঁচনি ৰূপায়ণৰ কামত নিয়োগ কৰি এক প্ৰকাৰ সমষ্টিটোত লিম্বুৰাজ অব্যাহত ৰাখিছে৷
ইফালে জহামাৰী গাঁৱত নিৰ্মান কাৰ্য চলাই থকা তোৰণখন নিৰ্মানৰ বাবে লিম্বু বিধায়ক হোৱাৰ পূৰ্বেই গাঁৱৰ ৰাইজে নিজাবৱীয়াকৈ অৰ্থ সংগ্ৰহ কৰি তোৰণখন নিৰ্মানৰ লাই খুটা পুতিছিল৷ বিধায়ক লিম্বু আহি ৰাইজৰ টকাৰে নিৰ্মান কৰিবলৈ ওলোৱা সেই তোৰণৰ আধাৰশিলা স্থাপন কৰি নিজৰ পুঁজিৰ পৰা দুই লাখ চল্লিশ হাজাৰ টকাৰ অনুদান আগবঢ়াইছিল৷
পিচে পৰৰ্বতী সময়ত তোৰণ নিৰ্মানৰ মূল উদ্যোক্তা সকলক নিলগাই ৰাখি অন্য এগৰাকী দলীয় পালিনেতাক নিৰ্মান সমিতিৰ সভাপতি পাতি জহামৰীয়া ৰাইজক অৱজ্ঞা কৰি তোৰণ নিৰ্মানত লাগি পৰে৷ ইয়াতে ক্ষুব্ধ হৈ ৰাইজে বিধায়ক লিম্বুৰ কৰ্মকাণ্ডক সমালোচনা কৰিছে আৰু আঁচনিৰ ধন আত্মসাৎ কৰাৰ সন্দেহ প্ৰকাশ কৰি জিলা উপায়ুক্তক তদন্তৰ দাবী উত্থাপন কৰিছে।