20
Jun
2017

ধিংঃ আচঁনি মেৰামতিৰ নামত বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে নগাওঁ জিলাৰ বটদ্ৰৱাৰ পকা মূৰা ঘাটৰ সোঁ নামৰ জলসিঞ্চন আঁচনিৰ মেৰামতি কামত।
চৰকাৰে ১৯৮৪ চনতে লাখ লাখ টকা ব্যয় কৰি আৰম্ভ কৰিছিল এই আচঁনি। দীৰ্ঘদিন ধৰি পৰিত্যক্ত হৈ থকা কাৰণে অফিছ ঘৰৰ দৰ্জা-খিৰিকী, টিনপাট আদি জহি-খহি যোৱাৰ কাৰণে পুনৰাই আৱণ্টিত হৈছে মেৰামতিৰ বাবে ধন।
অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি দায়িত্ব সামৰিছে বেজবৰুৱা নামৰ ঠিকাদাৰ জনে, এই অভিযোগ ৰাইজৰ। আচঁনিখনৰ অধীনত চলি থকা নিৰ্মাণৰ কামত নিয়োজিত অভিযন্তা কে. কে. মেধি, এছডিচি প্ৰশান্ত বৰদলৈয়ে মেৰামতিৰ কাম চলি থকাৰ দিন ধৰি আজি পৰ্যন্ত উপস্থিত নহ’ল নিৰ্মাণকাৰ্য নীৰিক্ষণৰ বাবে।