গুৱাহাটীঃ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷ সোমবাৰে অনুষ্ঠিত হয় কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন নিৰ্বাচনত আছপ সমৰ্থিত প্ৰাৰ্থীয়ে বিজয়ী হোৱাত মঙলবাৰে আছুৰ কেইবাগৰাকী নেতাই প্ৰাৰ্থী সকলক শুভেচ্ছা জ্ঞাপন কৰে৷

ছাত্ৰৰ সমস্যা সমাধানৰ বাবে কাম কৰি যাবলৈও প্ৰাৰ্থী সকলক আহ্বান জনায় আছু নেতাই৷ নিৰ্বাচনৰ ফলাফল অনুযায়ী সাধাৰণ সম্পাদকত মনমোহন চেতিয়া, সহঃ সাধাৰণ সম্পাদকত হিমাদ্ৰী শৰ্মা, সাংস্কৃতিকত পল্লৱী হাজৰিকা, সংগীতত অমৰজ্যোতি কাকতি, ক্ৰিকেটত পাৰ্থপ্ৰতিম বৰাই জয়ী হয়।

আনহাতে আলোচনী বিভাগৰ পদত অভিজিৎ বৰা, তৰ্ক বিভাগত নিদৰ্শন নন্দন কৌশিক, ছাত্ৰীৰ জিৰণি কোঠা বিভাগত বিদিশা গোস্বামী, সমাজ সেৱা বিভাগত নিত্যাশ্ৰী গোস্বামীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। ছাত্ৰ জিৰণি চ'ৰাত বিনা প্ৰতিদ্বন্দ্বিতাৰে পৃথ্বিৰাজ মহন্তই বিজয় লাভ কৰে।