গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম বন্ধৰ আহ্বান জনোৱাৰ পিছতে এইবাৰ ছাত্ৰ-ছাত্ৰীসকলো পোনপটীয়াকৈ উক্ত আন্দোলনত জপিয়াই পৰিবলৈ যো-জা চলোৱাৰ ইংগিত পোৱা গৈছে। এই ক্ষেত্ৰত আগভাগ লৈছে কটন বিশ্ববিদ্যালয়ে।

মঙলবাৰে বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পিছতে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে।

এক প্ৰেছ বিবৃতিযোগে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয় যে বুধবাৰৰ পৰা এই শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। লগতে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সৈতে বিষয়টোক লৈ আলোচনাত মিলিত হোৱাৰ কথাও জানিবলৈ দিছে সাধাৰণ সম্পাদক প্ৰাঞ্জলে।

বিবৃতিটোত সাধাৰণ সম্পাদকগৰাকীয়ে আৰু জনাইছে যে কটন বিশ্ববিদ্যালয়ৰ নেতৃত্বতে পৰৱৰ্তী সময়ত ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়তে অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জনৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে আহ্বান জনাই সাধাৰণ সম্পাদকগৰাকীয়ে।