
ডিফুঃ তিনি পাৰ্বত্য জিলা কাৰ্বি আংলং, ডিমা হাচাও আৰু উত্তৰ কাছাৰৰ ৰাইজৰ দীৰ্ঘদিনীয়া সংবিধান প্ৰদত্ত দাবী অনুচ্ছেদ ২৪৪(ক)ৰ আধাৰত এখন ৰাজ্য গঠনৰ ইচ্ছ্যুকলৈ শেহতীয়াকৈ অধিক সৰৱ হৈ পৰিছে তিনিটা কাৰ্যকালৰ বাবে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্য্যবাহী পদত অধিষ্ঠিত হোৱা তুলিৰাম ৰংহাঙ৷ তুলিৰাম ৰংহাঙ নেতৃত্বাধীন কাৰ্বি পৰিষদৰ সঁজাতি দল এটাই ৩১ অক্টোবৰত দিল্লীত ভাৰত চৰকাৰৰ জনজাতি কল্যাণ মন্ত্ৰী জুৱেল অ'ৰামক সাক্ষাৎ কৰি সংবিধান অনুচ্ছেদ ২৪৪(ক) শীঘ্ৰে ৰূপায়ণ কৰি পাহাৰীয়া ৰাইজৰ স্বায়ত্ত ৰাজ্যৰ সপোনৰ দাবীক পূৰণ কৰিবলৈ দাবী জনায়৷
দিল্লীৰ পৰা ওভতি আহি বৃহস্পতিবাৰে ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি পাৰ্বত্য জিলা তিনিখনৰ বাবে থকা সংবিধানৰ ২৪৪(ক) ক্ষমতাক শীঘ্ৰে ৰূপায়ণ কৰাৰ দাবী জনায় দলটোৱে৷ জিলাখনৰ উন্নয়ণ সন্দৰ্ভতো আলোচনাত মিলিত হয়৷ তুলিৰাম ৰংহাঙে নেতৃত্ব দিয়া পৰিষদৰ সঁজাতি দলটোত অধ্যক্ষ হৰেণ চিং বে', ই এম প্ৰদীপ ৰংপি, তৰেন্দ্ৰ ব্ৰক্ষ্ম, ৰতন টেৰণ, জগত চিং ইংতি, অমৰ চিং তিচ', খনচিং ৰংপি, কাছে ৰংপি, মাধূৰ্য ঢেকিয়াল ফুকন, প্ৰদীপ ডিফুছা, এম এচি মঙল চিঙ তিমুঙ, লংকি তিমুঙ, দৰচিং ৰংহাঙ, ৰামচিং তিমুঙ, লুণচিং টেৰণ, ৰীণা তেৰাঙপী, পৱন কুমাৰ আৰু মুকুট মহন্ত৷
সঁজাতি দলটোৰ তৰফৰ পৰা ষষ্ঠ অনুসূচীত এলেকাৰ অভিভাৱক তথা অসমৰ নৱ নিযুক্ত ৰাজ্যপাল জগদীশ মুখীক পহ', চইহংথৰ আৰু জাম্বৱৰঙেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ ৰাজ্যপাল জগদীশ মূখীৰে সৈতে হোৱা আলোচনা কালত মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পাহাৰীয়া ৰাইজৰ সংবিধান প্ৰদত্ত অধিকাৰ ২৪৪(ক)ৰ জৰিয়তে স্বায়ত্ত ৰাজ্য শীঘ্ৰে প্ৰদান কৰাৰ লগতে পৰিষদৰ বাৰ্ষিক পূঁজীৰ পৰিমাণ বৃদ্ধি কৰা আৰু কেন্দ্ৰৰ পৰা পৰিষদলৈ প্ৰত্যক্ষ পূঁজী প্ৰেৰণৰ ব্যৱস্থা কৰা, গুৱাহাটীত ২০১৬ত দ্বিতীয় কাৰ্বি আংলং দিৱস অনুষ্ঠিত কৰাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কথা ৰাজ্যপালগৰাকীক অৱগত কৰা হয় বুলি জিলা বিজেপিৰ এক সূত্ৰত প্ৰকাশ৷ জিলাখন প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী, প্ৰচূৰ ঔষধি উৎপাদন কৰা লগতে প্ৰচূৰ সম্ভাৱনাময় পৰ্যটন ক্ষেত্ৰ থকাৰ বাবে জিলাখনৰ সৰ্বাংগীন উন্নয়ণৰ কথাও মুখ্যমন্ত্ৰী সোণোৱালে চিন্তা কৰিছে বুলি আলোচনা কালত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে নৱনিযুক্ত ৰাজ্যপালগৰাকীক অৱগত কৰে৷