কোকৰাঝাৰঃ মানৱতাত লজ্জানত কৰি একমাত্ৰ কুসংস্কাৰ, অন্ধবিশ্বাসৰ পৰিণতিতে সংঘটিত হোৱা ডাইনী কাণ্ডৰ বাবেই হত্যাৰ বলি হ'ল এহাল দম্পত্তি আৰু নিঠৰুৱা হ'ল পাঁচটাকৈ এমাডিমা সন্তান। চৰকাৰৰ প্ৰগতিৰ জয়ঢোল, কুসংস্কাৰ-অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতামুলক প্ৰচাৰ, ডাইনী প্ৰথাৰ বিৰুদ্ধে সুকীয়াকৈ বিধেয়ক গ্ৰহণ অাদিক সকলো কৰ্ম-কাণ্ডক উপলুঙা কৰি পুনৰাই কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ সাপকাটা অাৰক্ষী চকীৰ অন্তৰ্গত পলাশগুৰী গাঁৱত সংঘটিত হৈছে ডাইনীৰ সন্দেহত হত্যাযজ্ঞ।

পলাশগুৰি গাঁৱত কালি নিশা উন্মত্ত ঘাতকে এহাল দম্পত্তিক শোৱাপাটীৰ পৰা টানি আনি অতি নিৰ্মমভাৱে একমাত্ৰ ডাইনী সন্দেহতে হত্যা কৰা ঘটনাৰ পিছত অাজি চৌদিশে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হোৱাৰ উপৰিও দম্পত্তিহালৰ ৫টিকৈ এমাডিমা সন্তানৰ ভৱিষ্যতক লৈও গভীৰ শংকাৰ সৃষ্টি হৈছে। অন্ধবিশ্বাস, কুসংস্কাৰৰ পৰিণতিতে ঘাতকৰ হাতত কৰুণ মৃত্যুক অাঁকোৱালি লোৱা দম্পত্তিহালক পলাশগুৰী গাঁওৰ যমন হেমব্ৰম (৪৮) অাৰু তেওঁৰ সহধৰ্মিনী চোনিয়া টুডু(৪০) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত বাতৰি মতে কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ সাপকাটা অাৰক্ষী চকীৰ  অন্তৰ্গত পলাশগুৰি নামৰ ভিতৰুৱা গাঁওখনত এসপ্তাহমান পূৰ্বে ৰাইজমেল অনুষ্ঠিত হৈছিল। উক্ত ৰাইজমেলত গাঁৱৰে দুখীয়া দম্পত্তি যমন হেমব্ৰম আৰু চোনিয়া টুডুক ডাইনী বুলি অভিযুক্ত কৰি অতি শীঘ্ৰে তেওঁলোকৰ মুৰ কটা হ'ব বুলি ৰাইজমেলত ঘোষণা কৰিছিল।

দুৰ্ভগীয়া দম্পত্তিহালে অাৰক্ষীৰ কাষ নাচাপি দুই এটা স্ব-জাতীয় সংগঠনৰ সদস্যক ঘটনাটোৰ বিষয়ে অৱগত কৰি জীৱন ৰক্ষা কৰিবলৈ অাহ্বান জনাইছিল। কিন্তু ইয়াৰ পূৰ্বেই কালি নিশা দম্পত্তিহালে পাঁচটাকৈ লৰা-ছোৱালীক ভাত-পানী খুৱাই একমাত্ৰ খেৰৰ জুপুৰি ঘৰটোত তেওঁলোকক শুৱাই থৈ দম্পত্তিহালে বাহিৰত বাঁহৰ চাঙত শুই থাকোতেই চিৰদিনৰ বাবে নুমাই গল তেওঁলোকৰ জীৱন বন্তি !

অত্যন্ত নি:কিন দম্পত্তিহালে তেনেদৰে বাহিৰতে বাঁহৰ চাঙত শুই থকা অৱস্থাতে নিশা দুইমান বজাত ৮-১০ জনীয়া দুষ্কৃতিকাৰীৰ দল এটাই দম্পত্তিহালক অাক্ৰমণ কৰে। সন্দেহ কৰা মতে ঘাতকৰ দলটোৱে দম্পত্তিহালক টোপনি গৈ থকা অৱস্থাতে দা-কুঠাৰেৰে অাক্ৰমণ কৰি পিছত চোঁচৰাই টানি লৈ যায়। নৃশংস অত্যাচাৰ কৰি ঘাতকৰ দলটোৱে দম্পত্তিহালক হত্যা কৰি পলাশগুৰি গাঁৱৰ পৰা ৪ কিলোমিটাৰ নিলগৰ সোণকোষ  নৈৰ পাৰত দম্পত্তিহালক পেলাই দিয়ে।

অাজি পুৱা ঘটনাটো পোহৰলৈ অহাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় আৰু মানৱতাৰ বধ্যভূমিত পৰিণত হোৱা পলাশগুৰি গাঁৱলৈ জিলাৰ উৰ্ধতম কৰ্তৃপক্ষ ঢাপলি মেলে। জিলা অাৰক্ষী অধীক্ষক ৰাজেন সিং নিজেই ঘটনাস্থলীত উপস্থিত হৈ দোষীক কৰায়ত্ব কৰাৰ বাবে জোৰদাৰ অভিযান অাৰম্ভ কৰে অাৰু গাঁৱৰ গাওঁবুঢ়াকে ধৰি ২৫ গৰাকী ব্যাক্তিক সোধ-পোছৰ বাবে অাটক কৰে।

অাৰক্ষী অধীক্ষক ৰাজেন সিঙে ঘটনাৰ সতে জড়িত কোনো দোষী ব্যাক্তিক সাৰি যাবলৈ দিয়া নহ'ব বুলি মন্তব্যৰে দোষীৰ বিৰুদ্ধে অাইন অনুসাৰে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি সদৰী কৰিছে।  লক্ষণীয় যে অাৰক্ষী অধীক্ষকগৰাকীয়ে  ঘটনাস্থলীত উপস্থিত হৈয়ে মহানুভৱতাৰে প্ৰথমে নিঠৰুৱা শিশুকেইটাৰ খবৰ লয়। ইয়াৰ পিছতে, কোকৰাঝাৰ চাইল্ড লাইন, কোকৰাঝাৰ ডিচিপিউ ইউনিটৰ বিষয়া, স্বেচ্ছাসেৱী সংগঠন নিদান ফাউণ্ডেচন আৰু জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষা ঘটনাস্থলীত উপস্থিত হোৱাত অাৰক্ষী অধীক্ষক ৰাজেন সিঙে নিঠৰুৱা শিশুকেইটাক জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষাৰ হাতত গতাই দিয়ে ।

উল্লেখ্য যে একমাত্ৰ ডাইনী সন্দেহতে হত্যাৰ বলি হোৱা যমন হেমব্ৰম অাৰু চোনিয়া টুডুক গাঁওবাসীৰ একাংশই বহুদিনৰে পৰা ডাইনী বুলি মানসিক নিৰ্যাতন চলাই অাহিছিল। নিৰ্যাতনত অতিষ্ঠ হৈ দম্পত্তিহালে অাজি খ্ৰীষ্টান(ব্যাপ্টিষ্ট) ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ কথা অাছিল বুলি জানিব পৰা গৈছে। ডাইনীৰ অপবাদৰ পৰা ৰক্ষা পাবলৈকে খ্ৰীষ্টান ধৰ্মলৈ  ধৰ্মান্তৰিত হোৱাৰ মাথো কেইঘণ্টামান পূৰ্বে দম্পত্তিহালে এনেদৰে ঘাতকৰ হাতত প্ৰাণ হেৰুওৱা কাৰ্যই মানুহৰ মানৱীয়তাক পুনৰবাৰ সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে।