কাকপথাৰঃ মন-মানসিকতাৰ পৰা কোনে খেদিব ডাইনী? ডাইনী খেদা মহাবীৰ এজনৰ জন্ম হোৱালৈ সকলোৱে বাট চাই থকাৰ সময়তে তিনিচুকীয়া জিলাৰ ডুমডুমাত পুনৰ ডাইনী সন্দেহত সংঘটিত হয় এক হত্যাকাণ্ড।

অঞ্চলটোৰ হাহচৰা ডিভিজনৰ ৰাইডাং চাহ বাগিছাৰ ১০ নম্বৰ লাইনত কালি নিশা ডাইনী সন্দেহত লাইনটোৰ ৰাইজে এহাল স্বামী-স্ত্ৰীক খেদি খেদি মৰিয়াই হত্যা কৰে। এই ঘটনাক লৈ অঞ্চলটোত বৰ্তমানো তীব্ৰ উত্তেজনা অব্যাহত আছে।

জানিব পৰা মতে, উক্ত লাইনত ডাইনীৰ সন্দেহত দিলীপ কিষান(৫৫)আৰু তেওঁৰ পত্নী শিৱৰাত্ৰী কিচান(৪৮)ক কালি নিশা প্ৰায় ১০ বজাত গোপী মিন্স নামৰ লোকজনৰ নেতৃত্বত লাইনৰ লোকসকলে মৰিয়াই হত্যা কৰে।

ডুমডুমা আৰক্ষীয়ে নিহত পতি-পত্নীহালৰ মৃতদেহ উদ্বাৰ কৰি গোপীসহ লাইনৰ অৰ্ধশতাধিক লোকক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে এই সকল লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে।