
লংকা/ৰঙিয়া/মোৰাঝাৰঃ বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতা অখিল গগৈক NSAৰ গোচৰৰ পৰা মুক্ত কৰাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আনন্দিত হৈ পৰে৷ দীৰ্ঘদিনে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈক মুক্তি দিয়াৰ দাবীত তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছিল৷ প্ৰতিদিনে পথ অৱৰোধ, অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি কৃষক মুক্তি, চাহ মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতা-কৰ্মীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছিল৷
চৰকাৰে সংগঠন সমূহৰ এই দাবীক গুৰুত্ব প্ৰদান কৰা নাছিল৷ ৰাজ্য চৰকাৰে যিকোনো প্ৰকাৰে অখিল গগৈক জেলত বন্দী কৰি ৰাখিব খুজিছিল৷ কিন্তু অখিলৰ পৰিয়াল তথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰে অখিলৰ বিৰুদ্ধে জাপি দিয়া NSAৰ গোচৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত চৰকাৰক প্ৰত্যাহ্বান জনাই৷ দীৰ্ঘ দিনিয়া শুনানীৰ যোৱা ১৮ ডিচেম্বৰত অন্ত পৰে৷
ন্যায়লয়ে ২১ ডিচেম্বৰত এই ৰায় প্ৰদানৰ দিন ধাৰ্য কৰে৷ বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে NSAৰ গোচৰৰ পৰা অখিলক মুক্ত কৰি দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অচিন্ত্যমল্ল বুজৰবৰুৱাৰ আদালতে এই ৰায় প্ৰদান কৰে। ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত অখিল গগৈক যোৱা ১৩ ছেপ্তেম্বৰত নিজ ঘৰৰ পৰা আটক কৰি জেলত বন্দী কৰি ৰাখিছিল ৰাজ্য চৰকাৰে৷
একেটা মাহৰে ২৫ ছেপ্তেম্বৰত অখিলক পুনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দি জেলৰ ভিতৰতে গ্ৰেপ্তাৰ কৰে চৰকাৰে৷ কোনো কাৰণতে জামিন লাভ কৰিব নোৱাৰাৰ ব্যৱস্থা গ্ৰহণ কৰি জেলত বন্দী কৰি ৰাখিব বিছাৰিছিল অখিল গগৈক৷ ৰাজ্যৰ প্ৰতিটো সমস্যা তথা চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অতন্দ্ৰ প্ৰহৰীৰ দৰে সংগ্ৰাম কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ৰাজ্য খনৰ পৰা দেশৰ ৰাজধানী দিল্লীতো হৈছিল প্ৰতিবাদ৷
দিল্লীত দেশৰ কেইবাগৰাকী আগশাৰীৰ কৃষক নেতাৰ নেতৃত্বত হাজাৰ হাজাৰ কৃষকে অখিলক মুক্তি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ ডিব্ৰুগড় জিলা আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা গেঞ্জী-লুঙী পিন্ধি টিভিত বাতৰি চাই থাকোতেই কৃষক নেতা অখিলক গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে৷ ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাত ৰুজু হোৱা এটি গোচৰৰ ভিত্তিত অখিলক গোলাঘাটৰ আৱৰ্ত ভৱনৰ সমীপত থকা নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল৷
ঘৰত গেঞ্জী আৰু লুঙী পিন্ধি থকা অৱস্থাতে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰি জোৰ-জুলমুকৈ গাড়ীত উঠাই ডিব্ৰুগড়লৈ আনিছিল বুলি অভিযোগ উত্থাপন হৈছিল আৰক্ষীৰ বিৰুদ্ধে। ১২ ছেপ্তেম্বৰত ডিব্ৰুগড় জিলাৰ মৰাণৰ বামুণবাৰীত অনুষ্ঠিত এখন সমাৱেশত অংশগ্ৰহণ কৰি অসমীয়া জাতিৰ ৰক্ষাৰ স্বাৰ্থত প্ৰয়োজন হ’লে হাতত হেংদাং আৰু মাৰণাস্ত্ৰ তুলি ল’বলৈ সকলোকে সাজু থাকিবলৈ আহ্বান জনাইছিল অখিলে।
এই মন্তব্যৰ পিছতে মৰাণ আৰক্ষী থানাত ৰুজু হোৱা ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি)/ ১২১/১২৪ (এ)/১০৯/১৫৩ /১৫৩ (এ)/৩৪ ধাৰাৰ অধীনত ৰুজু হোৱা ১৮৮/১৭ নম্বৰৰ গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। অখিলৰ অধিবক্তা নিলয় দত্তই গুৱাহাটী উচ্চ ন্যায়লয়ত চৰকাৰক প্ৰত্যাহ্বান জনাইছিল NSAৰ গোচৰৰ বিৰুদ্ধে৷ দীৰ্ঘ সময় ন্যায়লয়ে দুয়ো পক্ষৰ যুক্তি শুনি শুনানী সমাপ্ত কৰিছিল ১৮ ডিচেম্বৰত৷
ৰাইজৰ স্বাৰ্থত হিন্দু বাংলাদেশী নাগৰিকক অসমত কোনো কাৰণতে সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰি হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ দিছিল অখিলে৷ আনহাতে অখিলক গোচৰৰ পৰা মুক্ত কৰাৰ পিছতে অসমীয়া জাতীৰ হৈ থকা কোৱা অখিল গগৈক ষড়যন্ত্ৰমুলকভাৱে, স্বৈৰাচাৰী আৰু দমনমূলত নীতিৰে আৰক্ষীৰ দ্বাৰা চৰকাৰে NSAৰ গোচৰ জাপি গ্ৰেপ্তাৰ কৰিছিল বুলি কৃষক মুক্তিৰ নেতাই অভিযোগ উত্থাপন কৰি উচ্চ ন্যায়ালয়ে এই কথাকে প্ৰমাণ কৰে বুলি কয়৷
আদালতে কৃষক নেতাগৰাকীক NSAৰ গোচৰৰ পৰা মুক্তি দিয়াৰ পিছতে অখিলৰ সহযোদ্ধা সকল আনন্দিত হৈ পৰে৷ হোজাই জিলাৰ ফুলতলীত ফটকা ফুটাই আনন্দ উল্লাস প্ৰকাশ কৰে একাংশ লোকে৷ নতুন উদ্যমেৰে কৃষক মুক্তিয়ে সংগ্ৰামত নামিব বুলি জনায় কৃষক মুক্তিৰ সদস্যসকলে। ফটকা ফুটাই বিজয় উল্লাস কৃষক মুক্তিৰ লংকাৰ ফুলতলীত আবতৰীয়া দিপাৱলীৰ পৰিবেশৰ সৃষ্টি হয়৷
আনহাতে অখিল গগৈক NSAৰ গোচৰৰ পৰা মুক্ত কৰাৰ পিছতে আনন্দিত হৈ পৰে হোজাই জিলাৰ নীলবাগানৰ একাংশ লোক৷ নীলবাগানত একাংশ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতা কৰ্মীয়ে ফটকা ফুটাই আনন্দ উল্লাস প্ৰকাশ কৰে৷ ৰঙিয়া জিলা ছাত্ৰ মুুক্তি সংগ্ৰাম সমিতিয়েও ফটকা ফুটাই পালন বিজয় উল্লাস প্ৰকাশ কৰে। ৰবিউল আলম, ৰাহুল কলিতা, চিৰাজ আলীকে ধৰি কেইবাগৰাকী কৃষক মুক্তিৰ নেতাই ফটকা ফুটাই ফল্লাস প্ৰকাশ কৰে৷