ডিজিটেল ডেস্কঃ আপুনি অনলাইন যোগে নিশ্চয় চাকৰিৰ বাবে আবেদন কৰাৰ কথা শুনিছে, নতুবা নিজেই আবেদনো কৰিছে। একেদৰে Quiker, OLX, flipkartত আপুনি বিভিন্ন সামগ্ৰী অনলাইনযোগে ক্ৰয়-বিক্ৰয় কৰাৰ কথাও শুনিছে। হয়তো নিজেও ক্ৰয়-বিক্ৰয় কৰিছে।

কিন্তু শুনি আচৰিত হ’ব এতিয়াৰ পৰা আপুনি অনলাইন যোগে বিক্ৰী কৰিব পাৰিব আপোনাৰ কলী, বগীক৷ হয়, এতিয়াৰ পৰা আপুনি আপোনাৰ পোহনীয়া গৰু অনলাইন যোগে বিক্ৰী কৰিব পাৰিব৷

Quiker, OLX, flipkart দেশৰ লোকৰ মাজত জনপ্ৰিয় হৈ পৰিছে৷ তালৈ চাই গৰু বিক্ৰীৰ বাবেও তেনে এটা এপ নতুবা ৱেবচাইট মুকলি কৰাৰ কথা ভবা হৈছে। দেশৰ কৃষকসকলৰ সহায়ক হোৱাকৈ এনে ৱেবছাইট মুকলি কৰাৰ কথা চিন্তা কৰিছে ৰাজস্থান চৰকাৰে।

পোন প্ৰথম বাৰৰ বাবে ৰাজস্থান চৰকাৰে গৰু বিক্ৰীৰ বাবে এটি ৱেবছাইট মুকলি কৰাৰ বাবে চিন্তা কৰিছে৷ অলপতে ৰাজস্থান চৰকাৰে এনেধৰণৰ গৰু বিক্ৰীৰ ৱেবছাইট এটি শাঘ্ৰে মুকলি কৰিব বুলি ঘোষণা কৰে৷

ৱেবছাইটটোত বিক্ৰী কৰিবলগীয়া গৰুৰ ফটো, গৰাকীৰ নাম-ঠিকনা মূল্য উল্লেখ থাকিব৷ ৰাজস্থানৰ গো-কল্যাণ মন্ত্ৰী ওটাৰাম দেৱৰ্ষিয়ে দালালৰ পৰা মুক্ত কৰাৰ বাবে এই ব্যৱস্থা কৰা হ’ব বুলি কয়৷ গোপালকৰ আয় বৃদ্ধিৰ লগতে, সঠিক মূল্য লাভৰ বাবে এই ব্যৱস্থা লোৱা হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে৷