
ডিজিটেল ডেস্কঃ গোৰক্ষাৰ নামত দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত অমানুষিক হত্যা-হিংসাৰ ঘটনাত উচ্চতম ন্যায়ালয়ে চিন্তা ব্যক্ত কৰিছিল৷ গোৰক্ষকে সংখ্যালঘু, দলিত সম্প্ৰদায়ৰ মাজত বিভীষিকাৰ সৃষ্টি কৰি আহিছে আৰু কেন্দ্ৰ চৰকাৰে এই সন্ত্ৰাস দমন কৰাৰ ক্ষেত্ৰত বিফল হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুন মাহত গোৰক্ষাৰ নামত হোৱা সন্ত্ৰাসক গৰিহণা দিছিল যদিও কাৰ্যতঃ কোনোধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত বিফল হয়। প্ৰধানন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গোৰক্ষাৰ নামত সন্ত্ৰাসৰ সৃষ্টি কৰা লোকসকলক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল৷ কিন্তু নৰেন্দ্ৰ মোডীৰ সমালোচনাই গোৰক্ষাৰ নামত সন্ত্ৰাস চলোৱা লোকসকলৰ মন পৰিবৰ্তন কৰিব পৰা নাই৷ কিয়নো গোৰক্ষা বাহিনীয়ে আজিও সন্ত্ৰাস চলাই গৈছে৷
শুকুৰবাৰে গোৰক্ষা বাহিনীয়ে সন্ত্ৰাস চলাই হাৰিয়ানাৰ ফৰিদাবাদত৷ ফৰিদাবাদত গো-মাংস কঢ়িযায় নিয়াৰ সন্দেহ কৰি বেয়াকৈ মাৰ-ধৰ কৰে ৫গৰাকী লোকক৷ এই ঘটনাৰ সৈতে কট্টৰপন্থী হিন্দু সংগঠন জড়িত বুলি সন্দেহ কৰে আৰক্ষীয়ে৷ ৫গৰাকী লোকে পুৰণি ফৰিদাবাদত উপস্থিত হোৱাৰ পিছতে ১৫-২০ জনীয়া এটি দলে ৰাজ পথত তেওলোকক মাৰধৰ কৰে৷
কিছু সময় পিছত আৰক্ষী উপস্থিত হোৱাৰ পিছতো আৰক্ষীৰ সন্মুখতো মাৰ-ধৰ কৰে লোককেইজনক৷ আক্ৰমণৰ বলি হোৱা এজন আজাদ নামৰ লোকে আক্ৰমণকাৰীয়ে তেওলোকক গো-মাতাৰ জয় আৰু হনুমান জয় বুলি কব দিয়া বুলি কৈ নোকোৱাৰ ফলত মাৰ-ধৰ কৰা বুলি কয়৷
এগৰাকী প্ৰতিবন্ধী মহিলাকো আক্ৰমণ কৰে গোৰক্ষা বাহিনীয়ে৷ আৰক্ষীয়ে লোক কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে যদিও কোনো লোকক আটক কৰিব পৰা নাই আৰক্ষীয়ে৷ আনহাতে আক্ৰমণৰ সন্মুখীন হোৱা আজাদ আৰু তেওলোকৰ সংগী সকলৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰি তেওলোকৰ সৈতে উদ্ধাৰ কৰা মাংস পৰীক্ষা কৰা হ’ব বুলি কয় আৰক্ষীয়ে৷ একপ্ৰকাৰ গো-ৰক্ষাৰ তাণ্ডৱে বিজেপিক সময়ে সময়ে শৈলঠেকত পেলাই আহিছে৷ মোডীৰ হুংকাৰক গুৰুত্ব নিদি গো-ৰক্ষা বাহিনীৰ আক্ৰমণৰ ঘটনা বৃদ্ধি হে হৈছে৷