16
May
2017

ফিল'বাৰীঃ তিনিচুকীয়াত শেহতীয়াকৈ সক্ৰিয় হৈ পৰা গৰুচোৰ ধৰাৰ ক্ষেত্ৰত সফল হৈছে আৰক্ষী। গৰু চুৰি চক্ৰৰ দুজন ব্যক্তিসহ দুখন ট্ৰাক সোমবাৰে নিশা জিলাখনৰ মাকুম থানাৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে AS-23-7323 আৰু AS-23-7048।
অভিযোগ অনুসৰি উক্ত ট্ৰাক দুখনে বুজন পৰিমাণৰ চোৰাং গৰু কঢ়িয়াই আনিছিল যদিও আৰক্ষীৰ অভিযানৰ খবৰ পাই কোনো অজ্ঞাত স্থানত গৰু সমূহ এৰি তিনিচুকীয়াৰ দিশে পলায়নৰ চেষ্টা কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।