কলগাছিয়াঃ পথ মেৰামতি নকৰাত ক্ষুণ্ণ হৈ আজি পুৱা ৮ বজাৰ পৰা চিপিআই(এম)ৰ কলগাছিয়া আঞ্চলিক সমিতিৰ নেতৃত্বত ৰূপায়ন কৰা হয় পথ অৱৰোধ কাৰ্যসূচী। সৰভোগ-কলগাছিয়া গড়কাপ্তানী পথ অতিশীঘ্ৰে মেৰামতি কৰাৰ দাবীত এই কাৰ্যসূচী লয় সংগঠনটোৱে।

এই অৱৰোধ কাৰ্যসূচীৰ ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা। লগতে ৰাজপথত আৱদ্ধ হৈ পৰিছে বহু যাত্ৰী। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছে এই পথটো।

অতিশীঘ্ৰে এই পথটো মেৰামতি নকৰিলে ইয়াতকৈও বৃহৎ অান্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৱে।