
মোৰাঝাৰঃ বহস্পতিবাৰে কেইবাশতাধিক লোকৰ উপস্থিতিত হোজাই জিলাৰ মোৰাঝাৰ বজাৰত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এখন সভা অনুষ্ঠিত হয়৷ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ হোজাই জিলা সমিতিয়ে দেশৰ শেহতীয়া পৰিস্থিতি, এনআৰচি, মূল্যবৃদ্ধিৰ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা সভাত কেইবাগৰাকী নেতাই ভাষণ আগবঢ়ায়৷
নুৰুল ইছলামে আতঁ ধৰা সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে চি পি আইৰ কেন্দ্ৰীয় সমিতিৰ সদস্য তথা প্ৰাক্তন সাংসদ আজিজ পাছা, অসম ৰাজ্যিক চি পি আইৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক মুনীন মহন্ত, জিতু নাথকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে। খাটি খোৱা, দৰিদ্ৰ, শ্ৰমিকৰ কাম কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা কেন্দ্ৰীয় চৰকাৰে চৰকাৰ গঠন কৰাৰ পিছত বিজেপিয়ে পূজিপতিৰ হৈ হে কাম কৰা বুলি অভিযোগ উত্থাপন কৰে৷
মেহনতি জনতাই আজি হাহাকাৰ কৰিব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰি বিমূদ্ৰাকৰণ, জিএছটি আদিৰ জৰিয়তে সাধাৰণ লোকক মাধমাৰ শোধোৱা বুলি কয় পাছাই৷ ভাষণ প্ৰসংগত আজিজ পাছাই ইভিএম থকালৈ বিজেপি চৰকাৰ হৈ থাকিব আৰু ই ভি এম নহলে চৰকাৰ শেষ হৈ যাব বুলি কয়। সংখ্যালঘুসকলক লৈ চলা ষড়যন্তৰ বিৰুদ্ধে ৰাইজক এক হ’বলৈ আহব্বান জনায়৷ প্ৰাক্তন বিধায়ক মুনীন মহন্তই পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ মোডী চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠে। মহন্তই এন এৰ চি ফটো সংলগ্ন হ’ব লাগে বুলি দাবী কৰি কংগ্ৰেছ-বিজেপিয়ে এইবোৰ নিবিচাৰে বুলি কৈ উচ্চতম ন্যায়ালয়ক প্ৰসংশা কৰে।