
গোৰেশ্বৰঃ অসম ৰাজ্যিক চিপিআই(এম)ৰ আহ্বানত আঁঠটা দাবীৰ সমৰ্থনত বাক্সা জিলাৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে যোৱা ২৭ আৰু ২৮ আগষ্টত গোৰেশ্বৰ অঞ্চলৰ জ্যোতিনগৰ, বালাহাটী, ভেহঁবাৰী, গুৰমৌ, গাছবাৰী, মিলন নগৰ, তামুলীখাট, ভোগপুৰকে ধৰি বাৰটা স্থানত জাঠা পথসভা অনুষ্ঠিত কৰে।
প্ৰখৰ ৰ'দকো নেওঁচি বাহন আৰু বাইক মিছিলেৰে প্ৰায় ১৫ কিঃ মিঃ পথ পৰিভ্ৰমণ কৰি দলৰ কৰ্মী-সমৰ্থকে বিভিন্ন শ্ল’গান দি গোৰেশ্বৰ অঞ্চলৰ আকাশ বতাহ মুখৰিত কৰি তোলে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা কৰুণা ভূঞা, শংকৰ চৌধুৰী, যুৱ নেতা মুকুন্দ বড়ো আৰু ছাত্ৰ নেতা বিৰাজ ডেকাই ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰি বক্তব্য ৰাখে।
উল্লেখ্য যে কৃষকৰ ঋণ শীঘ্ৰে মুক্ত কৰা, বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি কৃষিপণ্যৰ নূন্যতম সহায়ক মূল্য উৎপাদন ব্যয়ৰ ডেৰগুণ বেছিকৈ নিৰ্ধাৰণ কৰা, প্ৰতিবছৰে দুই কোটিকৈ কৰ্মসংস্থাপন সৃষ্টিৰ বাবে বিজেপিয়ে আগবঢ়োৱা নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰাকে ধৰি অন্যান্য মুঠ আঠটা দাবীৰ সমৰ্থনত চিপিআই(এম)ৰ ৰাজ্যিক সমিতিয়ে ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্যে ২৫ৰ পৰা ৩১ আগষ্টলৈ জাঠা, পথসভা আৰু জনসভা অনুষ্ঠিত কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।
এই আঁঠটা দাবীৰ উপৰিও চিপিআই(এম) গোৰেশ্বৰ আঞ্চলিক কমিটিয়ে বাট-পথৰ যাতায়ত ব্যৱস্থা সূচল কৰাৰো দাবী জনায়। বিজেপি দলৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় বক্তাসকলে।