নলবাৰীঃ ‘‘মাৰ্ক্সবাদ মননশীল বিজ্ঞান, সমাজ পৰিবৰ্তনৰ নিৰ্দেশক। বিজ্ঞান কোনো জাতি বা কোনো দেশৰ সম্পদ নহয়। বিজ্ঞান মানৱ জাতিৰ কল্যাণৰ বাবে। ভাৰতবৰ্ষত বাওঁপন্থী সকলৰ পৰাই শাসক বিজেপিয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ এতিয়া বাওঁপন্থীৰ চি পি আই (এম) বিৰুদ্ধে অপ্ৰচাৰত লিপ্ত হৈছে গেৰুৱা দলটোৱে’’।

আজি নলবাৰী নাট্য মন্দিৰত চি পি আই (এম) নলবাৰী জিলা সমিতিৰ উদ্যোগত আয়োজিত 'সাম্প্ৰতিক আৰ্থ সামাজিক ব্যৱস্থা আৰু অক্টোবৰ বিপ্লৱ'ৰ তাৎপৰ্য্য বিষয়ক আলোচনাচক্ৰত এই মন্তব্য কৰে চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্যই। অনুষ্ঠানৰ আদিতে ৰাজ্যৰ বিশিষ্ট বাওঁপন্থী বুদ্ধিজীৱি, চিন্তাবিদ শশী শৰ্মাক চি পি আই (এম) নলবাৰী জিলা সমিতিৰ পৰা ফুলাম গামোচা, চেলেং চাদৰ, শৰাই,  অভিনন্দন পত্ৰ, আদি প্ৰদান কৰি বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

চিপিআই (এম) জিলা সম্পাদক উমেশ দত্তই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানত সভাপতিত্ব কৰে বাওঁপন্থী নেতা ৰাজেন বৰুৱাই। অনুষ্ঠানত বাওঁপন্থী নেতা জগত গোস্বামীয়ে ভাষণ ৰাখে।

অনুষ্ঠানত বিশিষ্ট সাহিত্যিক শশী শৰ্মাই সম্বৰ্ধনা গ্ৰহণ কৰি ভাষণত তেওঁৰ বাসগৃহ লক্ষ্মীকূটিৰ আগন্তুক সময়ত চি পি আই (এম)ৰ জিলা দপ্তৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে পাৰ্টিলৈ দান হিচাপে প্ৰদান কৰাৰ কথা ৰাজহুৱা ভাবে ঘোষণা কৰে।

এই ঘোষণাৰ পিছতে শ্ৰমিক, কৃষক, দলীয় কৰ্মী সকলে শশী শৰ্মা দীৰ্ঘায়ু লাভ কৰক, শ্ল’গানেৰে উত্তাল কৰি তোলে নলবাৰী নাট্য মন্দিৰ। অনুষ্ঠানত বিশিষ্ট বাওঁপন্থী নেতা ৰবীন মিশ্ৰ সহ পাচঁ শতাধিক দলীয় কৰ্মী উপস্থিত থাকে।