চাবুৱাঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰক্ষ্মই বন বিভাগৰ দায়িত্ব লোৱাৰ পিছৰে পৰা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে চোৰাং কাঠৰ বেহা৷

বন বিভাগৰ চকুৰ সন্মুখতে অব্যাহত থকা চোৰাং কাঠৰ ৰমৰমীয়া বেপাৰৰ খবৰ আজি  News Next one ত প্ৰকাশ পোৱাৰ পিছত বনমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই।

সংগঠনটোৰ নেতাজনে কয় যে যি সময়ত পৰিৱৰ্তনৰ কথা কৈ বনমন্ত্ৰীগৰাকীয়ে বন ধ্বংস ৰোধ কৰিছে বুলি দম্ভালী মাৰি আহিছে, সেই সময়তেই এই দৃশ্যই বন বিভাগৰ প্ৰকৃত ছবিখন পোহৰলৈ আনিছে।

তিনিচুকীয়া ডিব্ৰু নৈ আৰু ব্ৰক্ষ্মপুত্ৰৰ বুকুৱেদি দিনে-নিশাই সৰবৰাহ হৈ আহিছে এতিয়া চোৰাং কাঠৰ শ শ চালি। অৰুণাচলৰ লগতে বহু অঞ্চলৰ মূল্যৱান গছসমূহ কাটি একাংশ ব্যৱসায়ীয়ে চোৰাং কাঠৰ সৰবৰাহ কৰি চলাই আহিছে ৰমৰমীয়া ব্যৱসায়।

ইফালে ডিব্ৰু চৌখোৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ চকুৰ সন্মুখেৰেই শ শ কাঠৰ চালি সৰবৰাহ হৈ আহিছে যদিও এই সকলোবিলাক দেখিও চকু মুদাৰ কুলিৰ ভাওঁ ধৰে তিনিচুকীয়া, ডিব্ৰুগড় বন বিভাগে।

এই চোৰাং ব্যৱসায়ীসকলে তিনিচুকীয়া, ডিব্ৰুগড়, চাবুৱা আদি ব্ৰক্ষ্মপুত্ৰৰ পাৰত অবৈধভাৱে গঢ়ি উঠা মিলসমূহ বন্ধ কৰি বন ধ্বংস ৰোধ কৰিবলৈ বনমন্ত্ৰীক দাবী জনাইছে সংগঠনটোৱে।