ৰঙিয়াঃ জলসিঞ্চন বিভাগৰ আন এক ফোঁপোলা স্বৰূপ উদঙাই অৱশেষত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ল ৰঙিয়াৰ ৰাইজ। ৰঙিয়াৰ বনগাঁও ১ নং জলসিঞ্চন আঁচনিৰ কাৰ্যালয়ত উত্তেজিত জনতাই তলা ওলোমাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

খেতি পথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে ৭ বছৰ পূৰ্বে নিৰ্মাণ কৰা  কোটি টকীয়া আঁচনিৰ পৰা খেতিয়কে আজিলৈকে খেতি পথাৰত পানী নোপােৱাত প্ৰতিবাদ সাব্যস্ত কৰে।যাৰ বাবে খৰাং বতৰত কৃষকসকলে খেতি কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয়।

জানিব পৰা মতে অতি নিম্ন মানদণ্ডৰ কাম কৰাৰ ফলত নিৰ্মাণৰ কিছুদিন পিছতে আঁচনিটোৰ কেনেল খহি পৰে।যন্ত্ৰ-পাতিবোৰ বিকল হৈ পৰাৰ লগতে কাৰ্যালয়ৰ গৃহ জহি-খহি গৈছে। আঁচনিটোৰ নিৰ্মানকাৰ্যত সংঘটিত এনে দুৰ্নীতিৰ বাবেই কৃষকে পানীৰ সুবিধাৰ পৰা বঞ্চিত হ'ব লগীয়া হৈছে।

বুধবাৰে গঞা ৰাইজে কাৰ্যালয়টোত তলা ওলোমাই ক্ষোভ ব্যক্ত কৰে। স্থানীয় বিধায়ক ভৱেশ কলিতাই আঁচনিটো দুবাৰকৈ পৰিদৰ্শন কৰি পুনৰ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।আনকি আঁচনিটোৰ কৰ্মচাৰীয়ে বিভাগে কোনো গুৰুত্ব নিদিয়া বুলিও মন্তব্য আগবঢ়ায়। এইক্ষেত্ৰত জলসিঞ্চন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব।