প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, somewhere in... blog
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট, somewhere in... blog

নগাঁওঃ ৰাজ্য খনৰ ৮০ শতাংশ লোকেই কৃষি প্ৰধান। বনৰীয়া হাতী, বানপানী, পোক আদিয়ে ৰাজ্যৰ কৃষকসকলক জুৰুলা কৰি অহা পৰিলক্ষিত হৈছে। তাৰ মাজতে ভূতৰ ওপৰত দানৱ পৰা দিছে অসাধু বাৱসায়ীয়ে। ভেজাৰ সাৰ-কীটনাশক বিক্ৰি কৰি মাধমাৰ শোধাইছে ৰাজ্যৰ কৃষকসকলক।

ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে কৃষিপ্ৰধান নগাঁও জিলাৰ গ্ৰাম্যঞ্চলত সম্প্ৰতি বৃদ্ধি পাব ধৰিছে ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধৰ অনুজ্ঞাপত্ৰহীন দোকানৰ সংখ্যা। কাঠফুলাৰ দৰে গঢ়ি উঠা দোকানসমূহে গ্ৰাম্যঞ্চলৰ কৃষকক মাজত উপকৃত কৰাৰ বিপৰীতে বহু সময়ত বিপাঙতহে পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷

অভিযোগ মতে, গ্ৰাম্যঞ্চলৰ কৃষকসকলৰ অজ্ঞতাৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি এচাম অসাধু ব্যৱসায়ীয়ে চল-চাতুৰিৰে নিম্ন মানদণ্ডৰ তথা ভেজাল ৰাসায়নিক সাৰ, কীটনাশক ঔষধ আৰু বিভিন্ন শস্যৰ বীজৰ ৰমৰমীয়া বেহা নিৰ্বিঘ্নে চলাই গঞাৰাইজক ৰাম ঠগন দি আহিছে৷

এনেদৰে অসৎ উপায়েৰে কৃষকক মাধমাৰ শোধাই ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ পিছতো ৰাজ্য চৰকাৰৰ কৃষি বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন নকৰি চকু মুদা কুলিৰ ভাওহে জুৰি আহিছে৷ কৃষি বিভাগৰ দ্বাৰা গ্ৰাম্যঞ্চলবোৰত নিয়োজিত গ্ৰামসেৱক সকলে নিয়মীতভাৱে কৰ্মস্থলীলৈ গৈ কৃষকসকলক কৃষি কাৰ্যৰ বিষয়ে পৰামৰ্শ দিয়াৰ লগতে কেনেদৰে খেতিৰ উপযোগীকৈ ৰাসায়নিক সাৰ, কীটনাশক দৰব আদি প্ৰয়োগ কৰিব লাগে তাক বুজাই দিব লাগে যদিও তাকে নকৰি গ্ৰামসেৱকসকলে প্ৰায়েই কৰ্মক্ষেত্ৰলৈ নগৈ কৰ্মত ফাকি দি আহিছে।

যাৰ ফলত উপায়হীন হৈ গ্ৰাম্যঞ্চলৰ অসাধু ব্যৱসায়ীৰ পৰামৰ্শ মতেই নকল ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ জধে-মধে প্ৰয়োগ কৰাৰ লগতে নিম্ন মানৰ শস্যৰ বীজ ৰোপন কৰিবলগীয়া হোৱাত সহজ-সৰল কৃষকসকল যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷

এনে ৰাসায়নিক সাৰ কিম্বা কীটনাশক খেতিত প্ৰয়োগ কৰিলে কোনো কামত নাহে বুলি অভিযোগ উত্থাপন হয়। হোজা অজ্ঞ কৃষকসকলে এনে সাৰ-কীটনাশককে চিনিব নোৱাৰি খেতিপথাৰত দ্বিধাহীনভাৱে প্ৰয়োগ কৰাত লাভৰ সলনি লোকচানৰ সন্মুীন হ’ব লগা হৈছে।

আধুনিক উন্নত কৃষি ব্যৱস্থাত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অত্যাধিক চাহিদালৈ চাই অসৎ প্ৰকৃতিৰ ব্যৱসায়ীসকলে ক’লা বজাৰৰ পৰা খুব কম দামত ৰাসায়নিক সাৰ, কীটনাশক আৰু বীজ আদি ক্ৰয় কৰি সেইবোৰকে অধিক মূল্যত বিক্ৰী কৰাৰ বাবে কৃষকসকলৰ উপাৰ্জনৰ পৰিমাণ অভাৱনীয়ভাৱে হ্ৰাস পাইছে।

ভেজাল ৰাসায়নিক সাৰ,কীটনাশকে লাহে লাহে গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত নানা অচিন ব্যাধি বিয়পাই পেলোৱাৰ সম্ভাৱনা পুৰামাত্ৰাই বৃদ্ধি পাইছে৷ এনেদৰে ভেজাল ৰাসায়নিক সাৰ আৰু কীটনাশক আদিৰ ব্যৱহাৰ যদিহে এইদৰে অবাধে চলি থাকে,তেন্তে আগন্তুক কেইবছৰমানৰ ভিতৰত জিলাখনৰ গ্ৰামাঞ্চলত প্ৰত্যেকজন লোকেই ভয়াৱহ ৰোগত যে আক্ৰান্ত নহ’ব তাক নুই কৰিব নোৱাৰি বুলি সচেতন মহলে মন্তব্য প্ৰকাশ কৰিছে৷

আনকি এনেধৰণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক আদি অতিমাত্ৰা ব্যৱহাৰৰ ফলত ঘাঁহ-বন আদি দূষিত হৈ গৰু, ম’হ, ছাগলী আদি পশুধনৰ প্ৰতি ভাবুকি আহিব ধৰিছে৷ জিলাখন অবৈধভাৱে গঢ়ি উঠা ভেজাল ৰাসায়নিক সাৰ, কীটনাশক আদিৰ দোকানবোৰ বন্ধ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক সচেতন লোকসকলে অনুৰোধ জনাইছে৷ কৃষকসকলক আৰ্থিক সকাহ দিয়াৰ উপৰি অধিক ফচল লাভৰ নিমিত্তে বিভিন্ন ৰাসায়নিক আৰু জৈৱিক সাৰ সহজলভ্য কৰাৰ দাবী জনায়।

কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিভিন্ন অভিলাষী আঁচনিৰ জৰিয়তে কোটি কোটি টকাৰ ৰাজসাহাৰ্য্য ঘোষণা কৰাৰ পিছতো নগাঁও জিলাৰ কৃষকে শেহতীয়াভাৱে ইউৰিয়া সাৰৰ নাটনিত ভুগিব লগা হৈছে৷

জিলাখনৰ কৃষি উৎপাদনত উল্লেখনীয় অৱদান আগবঢ়াই অহা কষ্টসহিষ্ণু কৃষকসকলে বিভিন্ন সমস্যাৰে মোকাবিলা কৰি বহু কষ্টৰে কৃষি উৎপাদন অব্যাহত ৰাখিছে যদিও এনেদৰে উদ্ভৱ হোৱা সাৰৰ নাটনি আৰু উৰ্ধ্বগামী দৰে বৰ্তমান এইসকলক জুৰুলা কৰি পেলাইছে। জানিব পৰা মতে, ইউৰিয়া সাৰৰ বৰ্ধিত চাহিদাৰ ব্যতিৰেকে ইয়াৰ যোগান সীমিত হোৱাৰ সুযোগ লৈ এচাম অসাধু ব্যৱসায়ীয়ে কৃষকসকলক এক অনাহুত পৰিস্থিতিৰ মুখলৈ থেলি দি সাৰ বিধৰ কৃত্ৰিম নাটনিৰ সৃষ্টিৰে ইয়াৰ দাম দুগুণ পৰ্যন্ত বৃদ্ধি কৰিছে৷