
তেজপুৰঃ তেও সাংস্কৃতিক বিষয়া৷ সেয়াও এতিহ্যমণ্ডিত তেজপুৰৰ এটি অনুষ্ঠানৰ৷ কিছুদন পুৰ্বে তেজপুৰৰ জ্যোতি ভাৰতীলৈ গুৱাহাটীৰ পৰা বদলি হৈ আহিছিল৷ দেখাই শুনাই সহজ-সৰল সাংস্কৃতিক কৰ্মী যেনে লাগে লোকজনক৷ পত্নী, পুত্ৰ, কন্যা গুৱাহাটীত থকাৰ লগতে তেও থকা তেজপুৰত অকলে৷
অকলে থকা সুযোগ গ্ৰহণ কৰি জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত দাসে প্ৰেমত পৰ এগৰাকী বিবাহিত মহিলাৰ৷ তেজপুৰৰ প্ৰেমিকাক পায় লাহে লাহে গুৱাহাটীৰ ঘৰ খনক পাহৰিব ধৰিছিল তেও৷ ঘৰ খনক খবৰ লোৱাত গাফিলতি কৰি অহাত পত্নী-পুত্ৰৰ সন্দেহ ওপজে৷ পত্নী-পুত্ৰই গোপনে উপস্থিত তেজপুৰত৷ পুত্ৰ নিৰক্ষণ কৰি তাৰ পিছতে দেওবাৰে সুযোগ বুজি পত্নী-পুত্ৰই পিতৃ তথা বিষয়াগৰাকীৰ আৱাসত উপস্থিত হৈ প্ৰত্যক্ষ কৰিলে প্ৰেমিকাৰ সৈতে৷ লগে লগে লাগিল হুলস্থূল৷
গুৱাহাটীৰ পৰা গৈ পত্নীয়ে স্বামীক আন নাৰীৰ সৈতে প্ৰত্যক্ষ কৰি কান্দি কাটি হায়ৰাণ হৈ পৰে৷ বিষয়াগৰাকীয়ে চাকৰি সুত্ৰে গুৱাহাটীৰ পৰা তেজপুৰলৈ বদলি হৈ অহাৰ পিছতেই তেজপুৰৰ এগৰাকী বিবাহিত মহিলাৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি অহাৰ অভিযোগ উত্থাপন কৰে বিষয়াগৰাকীৰ পত্নী-পুত্ৰই৷ পত্নী-পুত্ৰই তেজপুৰত বাহৰ পাতি গোপনে অনুসন্ধান চলাই হাতে-লোটে ধৰে বিষয়া পিতৃক।
দেওবাৰে পুৱাই বিষয়াগৰাকী অবৈধ অভিসাৰত লিপ্ত থকা অৱস্থাতে পত্নী সহ পৰিয়ালৰ লোকে হাতে লোটে ধৰে৷ স্বামীৰ অনৈতিক কাৰ্যত ক্ষোভিত হৈ পৰাত পত্নীক আক্ৰমণ কৰাৰ বাবে উদ্যত হৈ পৰে। ইয়াৰ পিছতে বিষয়াগৰাকীৰ পত্নী-পুত্ৰ প্ৰেমিকাৰ আত্মীয়ই আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দভত বিষয়াৰ পত্নী-পুত্ৰই তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে।