জাজৰিঃ শাৰদীয় দূৰ্গোৎসৱত নগাঁৱত বিভিন্ন পূজা মণ্ডপত ভিন্ন ধৰণৰ কাৰ্যসূচীৰে ৰাইজক মনোৰঞ্জন দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। কোনো পূজা কমিতিয়ে যদি নাম-কীৰ্তন কৰিছে কোনোৱে ভাওনা-নাটক মঞ্চস্থ কৰাৰ উপৰি কোনোৱে সাংস্কৃতিক অনুষ্ঠানেৰে ৰাইজক আনন্দ দিবলৈ বিছাৰিছে। 

নগাঁও বেঙেনাঅাটি সাৰ্বজনীন দূৰ্গোৎসৱ কমিতিয়ে মহা সপ্তমীৰ দিনা দিনৰ মাংগলিক কাৰ্যসূচীৰ লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে। সাংবাদিক ৰাহুল দেৱ বৰদলৈয়ে উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানৰ প্ৰাৰম্ভতে নগাঁও জিলাৰ ডি এছ পি সবিতা দাস, সমাজকৰ্মী অৰুন বৰাক সম্বৰ্দ্ধনা জনোৱা হয়। সাংস্কৃতিক অনুষ্ঠানত সংগীত শিল্পী শোণিত সোণ্টি আৰু সোনালী দাসে গীত পৰিৱেশন কৰে।