01
Sep
2017

লাহৰীঘাটঃ ভোডাফোন নে ভদা (বুৰ্বক) ফোন৷ ভাৰতৰ বৃহৎ নেটৱৰ্ক কোম্পানী ভোডাফোনে এতিয়া গ্ৰাহকক খুৱাইছে জ্বলা-কলা৷ টিভি-পেপাৰত বিজ্ঞাপনৰ বহুল প্ৰচাৰেৰে ভাৰতৰ শ্ৰেষ্ঠ নেটৱৰ্ক কোম্পানী বুলি নিজকে দাবী কৰা ভোডাফোন সেৱাই এতিয়াই এতিয়া গ্ৰাহকক যোগান ধৰিব পৰা নাই উন্নত নেটৱৰ্ক সেৱা৷
তাৰেই প্ৰমাণ পোৱা গ’ল মৰিগাও জিলাৰ জাগীৰোডত৷ যোৱা এটা সপ্তাহৰো অধিক কাল ভোডাফোন ব্যৱহাৰকাৰী গ্ৰাহক সকলে অসুবিধাৰ সন্মুখীন হৈ আছে৷
নেটৱৰ্ক নথকা সংক্ৰান্তত ভোডাফোন কাষ্টমাৰ কেয়াৰত ফোন লগালেও টেকনিকেল সমস্যা বুলি কৈ গ্ৰাহকৰ অভিযোগ তল পেলাবলৈ যত্ন কৰে কোম্পানীটোৱে৷
কোম্পানীটোৰ নিকৃষ্ট সেৱাত অতিষ্ঠ হৈ জাগীৰোডৰ কিছু গ্ৰাহক আদালতৰ শৰনাপন্ন হোৱাৰ কথা প্ৰকাশ কৰিছে।