অভয়াপুৰীঃ ৰাইজৰ ধৈৰ্যৰ বান্ধ চিগিল অভয়াপুৰীত৷ বিদ্যুত বিভাগে দুমাহ ধৰি বিকল হৈ থকা ট্ৰান্সফৰ্মাৰ ভাল নকৰাত ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে বিভাগৰ বিষয়া-কৰ্মচাৰীক৷ 

ঘটনাৰ বিৱৰণী মতে, বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ সমীপবৰ্ত্তী টাপাট্ৰাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কুশবাৰী গাওঁৰ ট্ৰান্স ফৰ্মাৰটো দুমাহ পূৰ্বে বিকল হোৱাৰ পিছতো আজিলৈকে মেৰামতি নহ’ল৷ 

কুশবাৰীৰ গঞা ৰাইজে বিদ্যুত বিভাগক বাৰম্বাৰ ট্ৰান্সফৰ্মাৰ মেৰামতি অথবা নতুন ট্ৰান্সফৰ্মাৰ দিয়াৰ বাবে আহ্বান জনোৱা স্বত্তেও অভয়াপুৰী বিদ্যুত উপ-সংমণ্ডলৰ কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থআ গ্ৰহণ কৰা নাছিল। 

যাৰ ফলত বিগত দুমাহে অন্ধকাৰত ডুবি থাকিল কুচবাৰীৰ গঞা ৰাইজ। দুমাহ ধৰি বিদ্যুত সেৱাৰ পৰা বঞ্চিত হোৱাৰ ফলত গাওঁ খনৰ ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনাত যথেষ্ট ব্যাঘাত জন্মা বুলি ৰাইজে অভিযোগ তুলিছে। 

উল্লেখ্য যে বিদ্যুত বিভাগৰ এনে নিৰ্লিপ্ত ভূমিকাত ধৰ্মীয় সংখ্যালঘু অধ্যুষিত কুশবাৰী প্ৰথম খণ্ডৰ গঞা ৰাইজে পৱিত্ৰ ৰমজান মাহৰ সময়তে উপায়ন্তৰ হৈ আজি দিনৰ প্ৰায় ১১.৩০ বজাত অভয়াপুৰী বিদ্যুত উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ ভিতৰতে বিষয়া-কৰ্মচাৰীক আবদ্ধ কৰি ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে। 

প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দিয়ে৷ ঘটনাস্থলীত অভয়াপুৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। 

পিছত বিদ্যুত বিভাগ আৰু প্ৰতিবাদকাৰীৰ আলোচনা মৰ্মে বিভাগটোৰ উৰ্ধ্বতম কৰ্তৃপক্ষই ১০ দিনৰ ভিতৰত গাওঁখনত নতুন ট্ৰেন্সফৰ্মাৰ সংযোগ কৰি পুনৰ বিদ্যুত সেৱা প্ৰৱৰ্তন কৰা প্ৰতিশ্ৰুতি দিয়াত প্ৰতিবাদী কাৰ্যসূচী ৰাইজে প্ৰত্যাহাৰ কৰে৷