ডিফুঃ সাৱধান আপুনিও চিকাৰ হ'ব পাৰে চাইবাৰ অপৰাধীৰ৷ তেনে এক অপৰাধৰ চিকাৰ হ'ল ডিফুত নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰা জীৱন কৃষ্ঞ দাস নামৰ এক দূৰ্ভগীয়া শ্ৰমিক। বহু কষ্ট কৰি জীৱন বীমাত জমা কৰা ধন মেছিৰিউটি হৈ ডিফুৰ এছ বিআইৰ শাখাত একাউণ্ট নম্বৰ ২০০৭২২২ ৪৩১৫ নম্বৰত জমা হোৱাৰ পিছত যোৱা ২১ আগষ্টত পুৱাতে আহে চাইবাৰ অপৰাধীৰ আপদীয়া ফোন কলটো৷

বিচৰা ধৰণেই নিৰক্ষৰ জীৱন কৃষ্ঞ দাসে দি গৈছিল এটিএম কাৰ্ডৰ গোপন তথ্য৷ তাৰ পিছতে তেওঁৰ একাউণ্টৰ পৰা কেইবাটাও কিস্তিত সৰকাই নিয়ে ১ লাখ টকা৷ বেংকত টকা ওলাবলৈ গৈহে চকু কঁপালত উঠে জীৱন কৃষ্ঞ দাসৰ৷ আকাশী সৰগ ভাঙি পৰে তেওঁৰ ওপৰত৷ কঠোৰ শ্ৰম কৰি কোনোমতে জমা কৰা ধন হেৰুৱাই দিক্বিদিক হেৰুৱাই পেলাইছে জীৱন কৃষ্ঞই 

এই সন্দৰ্ভত তেওঁ ডিফু আৰক্ষী চকীত গোচৰ তৰা বুলি সাংবাদিকক জানিবলৈ দিছে৷ আপোনাৰ অসাৱধানতাৰ বাবে হয়তো আপোনাৰ বেংক একাউণ্টৰ পৰা সৰকাই নিব পাৰে আপোনাৰ কষ্টোপাৰ্জিত  সমুদায় ধন৷ ডিজিটেল লেন-দেনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে গ্ৰাহকৰভাৱে বিশেষ সুবিধা কৰি দিলেও কিন্তু গ্ৰাহকৰ ধনৰ সুৰক্ষা দিব নোৱাৰা আৰু চাইবাৰ অপৰাধীৰ কু-দৃষ্টিৰ পৰাও সকাহ দিব নোৱাৰাটো এক তাৎপৰ্যপূৰ্ণ বিষয়৷

গ্ৰাহকসকলৰ ওচৰত চাইবাৰ অপৰাধীয়ে ধাৰাবাহিকভাৱে পাতি গৈছে প্ৰবঞ্চনাৰ জাল৷ আৰু তাত চাইবাৰ অপৰাধী এশ শতাংশ সফলো হৈছে৷ চাইবাৰ অপৰাধীসকলে এই ক্ষেত্ৰত নেটৱৰ্কৰ দৰে কাম কৰি সহজ-সৰল গ্ৰাহক যি সকল বহিঃ জগতৰ লগত বিশেষ সম্পৰ্ক নাৰাখি কেৱল নিজ কামত মনোনিৱেশ কৰে, তেনে গ্ৰাহকসকলৰ ওচৰত মোবাইলেৰে ফোন কৰি নিজকে বেংকৰ বিষয়া বুলি পৰিচয় দি গ্ৰাহকৰ এটিএম কাৰ্ডৰ বৈধতা উকলি গৈছে বুলি কৈ ইয়াক পুনৰ সক্ৰিয় কৰিবলৈ হ'লে এটিএম কাৰ্ডত মুদ্ৰিত ক্ৰমিক নম্বৰটো বিচাৰে৷

গ্ৰাহকসকলে তাত পতিয়ন গৈ কাৰ্ডৰ ক্ৰমিক নম্বৰ দিয়াৰ লগে গ্ৰাহকৰ মোবাইলত ছেটত এটা নম্বৰ বাৰ্তাৰূপে প্ৰেৰণ কৰে আৰু সেই বাৰ্তাত থকা নম্বৰটো পুনৰ গ্ৰাহকৰ ওচৰত বিচাৰে, সেই নম্বৰ গমৰাহকে দি দিয়াৰ লগে লগে গ্ৰাহকৰ একাউণ্টত কষ্টোপাৰ্জিত জমা ধন পে টি এম, মাৰ্কেটিং আদি পন্থাৰে কিস্তি আকাৰে সৰকাই নিবলৈ সক্ষম হয়৷ এই সন্দৰ্ভত আৰক্ষীয়েও অপৰাধীৰ শুং-সূত্ৰ ওলাবলৈ বিশেষ সফল হ'ব পৰা নাই৷

পূৰ্বেও ডিফুৰ বহু গ্ৰাহকৰ এনে জমা ধন গমৰাহকৰ পৰা সৰকাই নিয়াৰ উদাহৰণ আছে৷ বেংক কৰ্তৃপক্ষই বিভিন্ন সময়ত বিজ্ঞাপনৰ জৰিয়তে বেংক কৰ্তৃপক্ষৰ পৰা কোনো বিষয়া কৰ্মচাৰীয়ে এটিএম কাৰ্ডৰ চিক্ৰেট নম্বৰ আৰু ক্ৰমিক নম্বৰ নোখোজে বুলি সজাগতা সৃষ্টি কৰাৰ পিছতো একাংশ গ্ৰাহক এনে অপৰাধৰ বলি হৈ আহিছে ফলত ভূক্তভোগী গ্ৰাহকসকলে সৰ্বশ্ৰান্ত হৈ পথৰ ভিক্ষাৰীলৈ পৰিণত হৈছে৷ ৰাইজে এই সন্দৰ্ভত বাটৰ নাট আৰু বিভিন্ন মাধ্যমযোগে ব্যাপক সজাগতা গঢ়ি তোলাৰ বাবে মত পোষণ কৰে৷