Image for Representation
Image for Representation

ধিংঃ নগাওঁ জিলাৰ ৰাইদঙীয়াত অঘটন। ছুইচ দিওতেই দাউ দাউকে জ্বলিল ৰন্ধন গেছৰ চিলিণ্ডাৰ। ৰাইদঙীয়াৰ কৃষ্ণ প্ৰসাদ দাসৰ ঘৰত শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই অঘটন।

কিন্তু সাহসেৰে ততাতৈয়াকৈ গৃহিণী গৰাকীয়ে বস্তাৰে ধৰি চিলিণ্ডাৰটো ঘৰৰ  বাহিৰলৈ লৈ অানে। বহুসময় ধৰি চিলিণ্ডাৰটো ঘৰৰ বাহিৰত জ্বলি থকাত অঞ্চলটোত অাতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে গৃহিণীগৰাকীৰ সাহসৰ বাবেই হানি-বিঘিনিৰ পৰা ৰক্ষা পৰে পৰিয়ালটি।

উল্লেখ্য যে চিলিণ্ডাৰটো অাজি গেছ এজেন্সীৰ পৰা অানি  সংযোগ কৰাৰ পাছতেই এই অঘটন ঘটে। চিলিণ্ডাৰটোত লিক থকাৰ বাবেই এনে অঘটন সংঘটিত হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।