
কোকৰাঝাৰঃ যি সময়ত সৰ্বানন্দ সোণোৱাল চৰকাৰ বাঙালী হিন্দুৰ প্ৰতি দৰদী বুলি সমালোচিত হৈ আহিছে, সেই সময়তে সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ পৰিষদে উত্থাপন কৰিছে এক গুৰুত্বপূৰ্ণ অভিযোগ। সংগঠনটোৰ মতে বাঙালীসকলক ৰাজনৈতিকভাৱে হত্যা কৰাৰ প্ৰচেষ্টা চলাইছে বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ডি ভোটাৰৰ জাননী লাভ কৰাৰ পিছতেই মানসিকভাৱে ভাগি পৰি কোকৰাঝাৰৰ সুশীল সৰকাৰ নামৰ এগৰাকী ব্যক্তিয়ে আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপিত হোৱাৰ পিছতেই এই মন্তব্য কৰিছে সংগঠনটোৱে। সংগঠনটোৱে ডি ভোটাৰৰ নামত চলি থকা সন্ত্ৰাস বন্ধ কৰিবলৈকো সৰ্বা চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।
♦ ডি ভোটাৰৰ সন্ত্ৰাস বন্ধ কৰাৰ দাবী
আজি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যকাৰী সভাপতি অৰবিন্দ শীলে কয় যে বাঙালী হিন্দুসকলৰ ডি ভোটাৰৰ সমস্যা সমাধান আৰু নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়া বাঙালীসকলক ৰাজনৈতিকভাৱে হত্যা কৰাৰ প্ৰচেষ্টা চলাইছে।
যোৱা ১২ জুলাইত একমাত্ৰ ডি ভোটাৰৰ জাননী লাভ কৰাৰ বাবেই কোকৰাঝাৰৰ মাগুৰমাৰীৰ বাসিন্দা সুশীল সৰকাৰে গছত চিপ লৈ আত্মহত্যা কৰা বুলি সদৰী কৰি চৰকাৰে ৰাজ্যৰ বাঙালীসকলক ৰাজনৈতিকভাৱে হত্যা কৰাৰ যি " ব্লু-প্ৰিণ্ট " ৰচনা কৰিছে সেয়া সফল হ'বলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে।
সুশীল সৰকাৰৰ নিকটাত্মীয়ক ১০ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য আৰু ডি ভোটাৰৰ নামত হাৰাশাস্তি বন্ধ কৰাৰ দাবী জনাই সংগঠনটোৱে ইয়াৰ অন্যথা ৰে'লপথ অৱৰোধ আৰু অনিৰ্দিষ্টকালীন বন্ধৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব বুলি সদৰী কৰিছে সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যকাৰী সভাপতি অৰবিন্দ শীলে।